ETV Bharat / state

মানৱ প্ৰেমৰ উৎকৃষ্ট নিদৰ্শনেৰে উজলি থকা এটা প্ৰাচীন দৰগাহ - প্ৰাচীন দৰগাহ

বহন কৰিছে সম্প্ৰীতিৰ বৰ্ণিল ঐতিহ্য

এটা প্ৰাচীন দৰগাহ কাহিনীৰে
author img

By

Published : Feb 24, 2019, 10:20 PM IST

দক্ষিণ কামৰূপৰ মিৰ্জা ভোলাগাঁৱৰ এটা প্ৰাচীন দৰগাহ শ্বৰীফ । জাতি ধৰ্ম নিৰ্বিশেষে মানৱ প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰা এই দৰগাহ শ্বৰীফটোৰ লগতে গাঁওখনে বহন কৰি আহিছে এক বৰ্ণিল ঐতিহ্য । এই দৰগাহ শ্বৰীফৰ অলৌকিক ঘটনাই মুহিত কৰিব আপোনাকো । চাওক এক বিশেষ প্ৰতিবেদন ...

এটা প্ৰাচীন দৰগাহৰ কাহিনীৰে

দক্ষিণ কামৰূপৰ মিৰ্জা ভোলাগাঁৱৰ এটা প্ৰাচীন দৰগাহ শ্বৰীফ । জাতি ধৰ্ম নিৰ্বিশেষে মানৱ প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰা এই দৰগাহ শ্বৰীফটোৰ লগতে গাঁওখনে বহন কৰি আহিছে এক বৰ্ণিল ঐতিহ্য । এই দৰগাহ শ্বৰীফৰ অলৌকিক ঘটনাই মুহিত কৰিব আপোনাকো । চাওক এক বিশেষ প্ৰতিবেদন ...

এটা প্ৰাচীন দৰগাহৰ কাহিনীৰে

Slug:-A_Azara_Bholagaon_History_801-809_vis+bite_Ajay_Das

এটা বিশেষ দৰগাহ আৰু এখন গাও । ৪০০ বছৰীয়া পুৰণি কেইডালমান গুলঞ্চ গছ । গাওখনৰ লোকে সলনি কৰিছিল ধৰ্ম । জাতি ধৰ্ম নিৰ্বিশেকে মানৱপ্ৰেমৰ সুন্দৰ নিদৰ্শন দেখুওৱা এটা দৰগাহ শ্বৰীফ । এক প্ৰতিবেদন ।

Vo....এটা বিশেষ দৰগাহ শ্বৰীফ আৰু এখন গাও । গাওখনৰ লোকে সলনি কৰিছিল ধৰ্ম । দৰগাহ শ্বৰীফৰ অলৌকীক ঘটনাই মুহিত কৰিব আপোনাকো । হয়,এইটো দৰগাহ শ্বৰীফটো দক্ষিণ কামৰূপৰ মিৰ্জা ভোলাগাওৰ । দৰগাহ শ্বৰীফত থকা এইকেইডাল গছ প্ৰায় ৪০০ বছৰ পুৰণি কিন্তু তাহানিৰ এই ঐতিসাহিক গছকেইডাল কোনো দিনে নহল পৰিৱৰ্তন । আনকি গুলঞ্চ নামৰ এই ঠুনুকা গছকেইডালৰ আজিলৈ কোনো এটা অংশ ভাগি যোৱাও দেখা নাই বুলি জনায় স্থানীয় লোকে । স্থানীয় লোকৰ ম'তে সাধুপুৰুষ চাহচুফী আব্দুল গফুৰ শ্বাহ,তেওৰ পত্নী আৰু তেওৰ শিষ্যৰ কবৰত এইদৰে গছকেইডালে ছা দি আছে । যাক লৈ ভক্তসকলোৰ মাজত এই গছকেইডালে এক কৌতুহলো জগাই আহিছে ।

Bite...

  এই দৰগাহ শ্বৰীফত বিশেষ কৰ্মসমুহৰ শুভাৰম্ভনীত প্ৰাৰ্থনা কৰিবলৈ হিন্দু সম্প্ৰদায়ৰ লোকৰো সমাগম ঘটে ।

Bite...

    আনকি ভোলাগাও গাওখনৰ লোকসকল পুৰ্বে হিন্দু সম্প্ৰদায়ৰ আছিল কিন্তু আৰৱৰ এজন পিৱোবাই গাওখনৰ পৰা প্ৰায় ২ কিমি দুৰত্বত থকা বৰদুৱাৰ নামৰ গাওৰ ৰজাৰ মন্দিৰত নামাজ পঢ়াৰ অপৰাধত পিৱোবাজনক পুবমুৱাকৈ খুটাত বান্ধি থৈছিল । স্থানীয় লোকে জনোৱাম'তে বান্ধি থোৱা পিৱোবাজনক দুডাল সাপে ছা দিয়াত গাওখনৰ ৰজাই নিজৰ ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম অৱলম্বন কৰিছিল । ইছলাম ধৰ্ম অৱলম্বন কৰাৰ পিছত ৰজাৰ 'পাতেলি' নামৰ এজনী জীয়ৰি এইখন গাওত বিবাহ দিয়ে আৰু বিবাহ দিয়াৰ পিছত ৰজাইও এইখন গাওলৈ গুছি আহে আৰু গাওখনৰ নাম ভোলাগাও পাটগাও বৰমোকাম বুলি নামাকৰন কৰে । আৰু তেতিয়াৰ পৰাই বৰদুৱাৰ গাওখনৰ প্ৰায়ভাগ মানুহে ধৰ্ম সলনি কৰি এইখন বসবাস কৰিবলৈ ধৰে ।

Bite...

    কেৱল সেয়াই নহয় এই দৰগাহত থকা এটা অগভীৰ কুৱাইও সকলোৰে মাজত এক কৌতুহল জগাই । এই কুৱাটো পিৱাবাজনে গা ধুৱা কুৱা বুলি স্থানীয় লোকে কয় । এই কুৱাটোৰ গভীৰ মাত্ৰ প্ৰায় ১২ ফুট কিন্তু এই কুৱাটোৰ পানী কেতিয়াই শুকোৱা নাই । কুৱাটোৰ তলফালেও এক কলহ আকৃতিৰ ৰূপ লৈ আছে । আনকি খেতিপথাৰতকৈও কিছু ওপৰত আছে পানীৰ মাপ । লোকবিশ্বাস অনুসৰি এই কুৱাটোৰ পানী খালে সৰু সুৰা ৰোগ নোহোৱা হয় বুলিও এক প্ৰথা চলি আছে যাৰ বাবে কুৱাটোৰ পানী নিবলৈ জাতি-ধৰ্ম নিৰ্বিশেকে সমাগম হয় বহু লোকৰ ।

Bite..

     গাওখনত বছৰি উদযাপিত হোৱা উৰুচতো লোক জাতি-ধৰ্ম নিৰ্বিশেকে এই উৰুচলৈ আহি প্ৰাৰ্থনা কৰে । কি হিন্দু,কি মুছলমান শান্তি সম্প্ৰতিৰ বান্ধোনেৰে সকলোবোৰ একাকাৰ হয় এই দৰগাহ শ্বৰীফৰ উৰুচত । যি সময়তে হিন্দু মুছলমানৰ মাজত কিছু ভেদাভেদ চলি আছে সেইসময়তে এই দৰগাহ শ্বৰীফটোৱে মানৱপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দি আহিছে ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam
    

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.