ETV Bharat / state

Bhabesh Kalita at Rangia: ৰঙিয়াত আদৰ্শ গাঁও মুকলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

author img

By

Published : Dec 20, 2022, 10:54 AM IST

সোমবাৰে ৰঙিয়াৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পীতাম্বৰ হাটবজালীক আদৰ্শ গাওঁ হিচাপে মুকলি কৰে ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই(State BJP president Bhavesh Kalita) । 'অসম আদৰ্শ গ্ৰাম্য যোজনা'ৰ অধীনত প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে ১০ টাকৈ নৱনিৰ্মিত প্ৰকল্পৰো শুভ উদ্বোধন কৰে কলিতাই ।

State BJP president Bhavesh Kalita
ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা

ৰঙিয়াত আদৰ্শ গাঁও মুকলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

ৰঙিয়া, 20 ডিচেম্বৰ: সোমবাৰে ৰঙিয়াত উপস্থিত হয় ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা । ৰঙিয়াত উপস্থিত হৈ অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (State BJP president Bhavesh Kalita) মুকলি কৰে ৰঙিয়াৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পীতাম্বৰ হাটবজালীক আদৰ্শ গাঁও হিচাপে (Bhabesh Kalita opens model village in Rangia) । এই উপলক্ষে আয়োজন কৰা এখনি সভাত বিধায়কগৰাকীয়ে অসম চৰকাৰৰ অভিলাসী আঁচনি ‘‘অসম আদৰ্শ গ্ৰাম্য যোজনা’’ৰ(Assam Adarsh Gramin Yojana) অধীনত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে 10 টাকৈ নৱনিৰ্মিত প্ৰকল্পৰো শুভ উদ্বোধন কৰে (Inauguration of 10 newly constructed projects) ।

গাঁওখনৰ বিশাল সভাত ভৱেশ কলিতাই প্ৰকল্প সমূহ উদ্বোধন কৰি মন্তব্য কৰে যে, গাঁওখন আদৰ্শ হ'লেই নহ'ব, গাঁওখনৰ মানুহখিনিও সংস্কাৰী হ'ব লাগিব । লগতে এই প্রকল্প কেইটাই আগন্তুক দিনবোৰত পঞ্চায়টোৰ অধীনৰ ৰাইজৰ বহু অভাৱ তথা সমস্যাৰ অৱসান ঘটাই পঞ্চায়তখনক প্ৰগতিৰ আলোকৰে উজলাই তুলিব বুলিও আশা ব‍্যক্ত কৰে বিধায়কগৰাকীয়ে । এই প্ৰকল্পৰ জৰিয়তে পঞ্চায়তখনৰ অধীনস্থ সাধাৰণ ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি মন্তব্য কৰে অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

উল্লেখ্য যে, আদর্শ গাঁও যোজনা আঁচনিৰ (Model Village Scheme) অধীনত সোমবাৰে বিধায়ক তথা সম ৰাজ‍্যিক বিজেপিৰ সভাপতিগৰাকীয়ে 3 লাখ 50 হাজাৰ টকা ব‍্যয় সাপেক্ষে পীতাম্বৰ হাটবজালী আদৰণি তোৰণ, 5 লাখ টকা ব‍্যয় সাপেক্ষে জয়ন্তীপুৰ সাতগাঁও ৰাজহুৱা শিৱ মন্দিৰ, 5 লাখ টকা ব‍্যয় সাপেক্ষে যোগেশ্বৰ যুৱক সংঘৰ গৃহ, 5 লাখ টকা ব‍্যয় সাপেক্ষে জয়ন্তীপুৰ সাতগাঁও ৰাজহুৱা শিৱ মন্দিৰ সভাগৃহ, ৫ লাখ টকা ব‍্যয় সাপেক্ষে যোগেশ্বৰ যুৱক সংঘৰ গৃহ, ৫ লাখ ৫০ হাজাৰ টকা ব‍্যয় সাপেক্ষে কুমাৰপাৰা ৰাজহুৱা নামঘৰ নিৰ্মাণ হ'বলগীয়া প্ৰকল্পসমুহ উদ্বোধন কৰে ।

ইয়াৰ উপৰিও পীতাম্বৰ বড়োচুবুৰী ৰাজহুৱা সভাগৃহ, কৃষ্ণ চুবুৰী কমিউনিটি হল, পীতাম্বৰ আদৰ্শ হাইস্কুলৰ বৃহৎ চাৰিসীমা পকী বেৰ নিৰ্মাণ, ভূঞা চুবুৰী কমিউনিটি হল, জয়ন্তীপুৰ শ্মশান কালী মন্দিৰ ৰাজহুৱা সভাগৃহ, জয়ন্তীপুৰ ৰাজহুৱা দুৰ্গা মন্দিৰ সভাগৃহৰো নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰে বিধায়কগৰাকীয়ে ।

সভাখনত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে দুই শতাধিক স্থানীয় লোক উপস্থিত থাকে । পীতাম্বৰ হাটবজালী গাঁওখনক আদৰ্শ গাঁও হিচাপে মুকলি কৰাত সন্তোষ প্ৰকাশ কৰিছে ৰাইজে । লগতে অনাগত দিনত এই আঁচনি সমূহ পঞ্চায়তৰ কৰ্মকৰ্তাসকলে সঠিকভাৱে ৰূপায়ণ কৰিব বুলি আশা প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: BTR day celebration: মুছলপুৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.