ৰঙিয়া, 19 এপ্ৰিল: চৌদিশে মূল্যবৃদ্ধিৰ কেকোঁৰা চেঁপা ৷ অত্যৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহৃত প্ৰায় সকলো সামগ্ৰীৰেই এতিয়া আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে সৰ্বলাধাৰণ ৰাইজক ৷ তাতে ভূতৰ ওপৰত দানহ পৰাদি অত্যাধিক কৰৰ বোজাই কোঙা কৰি পেলাইছে সাধাৰণ ৰাইজক ৷ একপ্ৰকাৰৰ চাৰিওফালে এক আহুকলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে মূল্যবৃদ্ধিয়ে (Price Hike in Assam) ৷
চৌদিশে মূল্যবৃদ্ধিয়ে আহুকালৰ সৃষ্টি কৰাৰ সময়তে আন এক সমস্যাই দেখা দিছে অসমৰ জনসাধাৰণৰ ৷ এইবাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাইজক ৷ বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী সকলৰ সমস্যা হৈছে গৃহ নিৰ্মাণক লৈ ৷ গাঁৱৰ দৰিদ্ৰ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিত লাভ কৰে ৩২,৫০০ টকা ৷ কিন্তু যোৱা এমাহৰ ভিতৰতে ইটাৰ মূল্য বৃদ্ধি হৈ বৰ্তমান ঠায়ে ঠায়ে ২৫০০ ইটাৰ দাম বৰ্তমান ৩৬০০ টকাৰ পৰা ৪০০০ টকা হৈছে (Rising Cost of House Building) ৷
ইয়াৰ উপৰিও বৰ্তমান ৰঙিয়াত হৈছে ইটাৰ নাটনি ৷ ইটাৰ ভাটাসমূহ চলি আছে যদিও বজাৰত ইটাৰ কৃত্ৰিম নাটনিয়ে দেখা দিছে ৷ সেয়েহে এইসকল হিতাধিকাৰীৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ৷ আনহাতে গৃহনিৰ্মাণত প্ৰয়োজনীয় চিমেণ্ট , শিল , বালিৰো মূল্যবৃদ্ধিয়ে নাজল-নাথল অৱস্থাত পেলাইছে হিতাধিকাৰীসকলক ৷ দুখীয়া জনসাধাৰণে যাতে এটা পকী ঘৰত সুৰক্ষিত ভাবে থাকিব পাৰে তাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰা হৈছিল যদিও বৰ্তমান সময়ৰ মূল্যবৃদ্ধি ইয়াৰ অন্তৰায় হৈ থিয় দিছে ৷ বাস্তৱ ক্ষেত্ৰত এতিয়া চৰকাৰে দিয়া ১৫০০০০ টকাত ঘৰটো সম্পূৰ্ণ হ'ব নে নহয় এই বিষয়ত সন্দেহৰ যথেষ্ট অৱকাশ ৰৈ গৈছে ৷ গতিকে এইসকল হিতাধিকাৰীয়ে আহ্বান জনাইছে চৰকাৰৰ তথা প্ৰশাসনলৈ যে গৃহনিৰ্মানৰ বাবে চৰকাৰী অনুদান বৃদ্ধি কৰক অন্যথা মূল্যবৃদ্ধি শীঘ্ৰেই নিয়ন্ত্ৰণ কৰক ৷
লগতে পঢ়ক: Diesel price Hike: পুনৰ প্ৰতিলিটাৰ ডিজেলত দাম বৃদ্ধি পালে 51 পইচাকৈ