ETV Bharat / state

পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শাৰী পাতি বহিল শতাধিক মগনীয়া

author img

By

Published : Mar 16, 2022, 4:59 PM IST

চাইকেল, বাইক, গাড়ী অহা-যোৱা কৰি থকা এটা ব্যস্ত পথৰ দুয়োকাষে দীঘলীয়াকৈ দেখা গৈছে মগনীয়াৰ শাৰী (beggars queue in front of exam center)৷ হাতত ভিক্ষাৰ পাত্ৰ লৈ সহায় মাগিছে এইসকল মগনীয়াই ৷ এটা পৰীক্ষা কেন্দ্ৰ সমুখত দেখা গ’ল এই দৃশ্য ৷

পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শাৰী পাতি বহিল শতাধিক মগনীয়া
beggars queue in front of exam center at Garaimari

বকো, 16 মাৰ্চ : এটা বিশেষ পৰীক্ষা কেন্দ্ৰ ৷ এই পৰীক্ষা কেন্দ্ৰটোৰ সমূখত ভিৰ কৰিছে শতাধিক মগনীয়াই (beggars queue in front of exam center)৷ কোনোবাজন আকৌ আহিছে ধৰ্মীয় অনুষ্ঠানৰ বাবে সাহায্য বিচাৰি ৷ চাইকেল,বাইক, গাড়ী অহা-যোৱা কৰি থকা এটা ব্যস্ত পথৰ দুয়োকাষে দীঘলীয়াকৈ দেখা গৈছে মগনীয়াৰ শাৰী ৷ হাতত ভিক্ষাৰ পাত্ৰ লৈ সহায় মাগিছে এইসকল মগনীয়াই ৷ যিয়ে যেনেকৈ পাৰিছে এটকা-দুটকাৰ পৰা দহ-বিছ টকালৈ দান কৰিছে ৷

পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শাৰী পাতি বহিল শতাধিক মগনীয়া

কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ মাজৰটোপ পৰীক্ষা কেন্দ্ৰ এইটো (HSLC Exam center in Goroimari)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনা এইদৰেই পৰীক্ষা কেন্দ্ৰটোলৈ যোৱা পথত ভিৰ কৰিলে শতাধিক মগনীয়াই ৷ পৰীক্ষাৰ্থীয়েও দান দি আশীৰ্বাদ ল’লে তেওঁলোকৰ পৰা ৷ এই কেন্দ্ৰটোত পৰীক্ষা দিবলৈ আহিছে প্ৰায় আঠ শতাধিক পৰীক্ষাৰ্থী ৷ জানিব পৰা মতে প্ৰতিবছৰেই মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোত এইদৰে পৰীক্ষা কেন্দ্ৰটোৰ সমুখত ভিৰ কৰেহি মগনীয়াই ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷ পৰীক্ষাৰ্থীৰ পৰা দান-বৰঙণি লৈ আশীৰ্বাদ দিবলৈ আহিল শতাধিক মগনীয়া ৷

বাহিৰত এই পৰিবেশ হ’লেও কিন্তু পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নীতি-নিয়ম সম্পূৰ্ণ মানি চলা হৈছে ৷ ছেবাৰ নিয়ম অনুসৰি তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক ৷ যাতে কোনেও কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে পৰীক্ষা কেন্দ্ৰটোত ৷

লগতে পঢ়ক : মৃত অভিযুক্ত বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট : অভিজিৎ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.