ৰঙিয়া 24 এপ্ৰিলঃ লক ডাউনৰ পিছতে স্তব্ধ হৈ পৰিছে জনজীৱন যাৰবাবে তীব্ৰ খাদ্য সংকটত ভুগিব লগা হৈছে দৰিদ্ৰ লোকে । এই সকল অসহায় লোকক সহায় কৰিবলৈ ওলাই আহিছে ৰঙিয়াৰ বৈদ্যগড় আঞ্চলিক ছাত্র সন্থা।
ৰঙিয়াৰ তৰণীত সহায়ৰ হাত আগবঢ়ালে আছুৱে গাঁওখনৰ দুখীয়া লোকসকলক চাউল,দাইল,আলু আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। পৰৱৰ্তী সময়তো অত্যাৱশ্যকীয় সামগ্ৰী সামৰ্থ অনুযায়ী পৰিয়াল সমূহক সহায় আগবঢ়াব বুলি জানিবলৈ দিয়ে। আছুৱে এই দুৰ্যোগৰ সময়ত প্ৰদৰ্শন কৰা মানৱীয়তা আৰু দায়ৱদ্ধতা সকলোৱে একেমুখে শলাগ লৈছে ।
লগতে পঢকঃ চৰাইদেউ প্ৰশাসনৰে বৈঠক মুখ্যমন্ত্ৰীৰ