ETV Bharat / state

ৰাণীত বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰিল "বায়খো উৎসৱ" - rani_bathou_festival

ৰাণীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা বৰ্ণাঢ্য বায়খো উৎসৱৰ সফল সামৰণি ৷

ৰাণীৰ 'বায়খো উৎসৱ'ত কন্ঠশিল্পী দীপলিনা ডেকা
author img

By

Published : Jun 10, 2019, 2:53 PM IST

দক্ষিণ কামৰূপ,১০ জুনঃৰাণীত বৰ্ণিল কাৰ্যসূচীৰে "বায়খো উৎসৱ"ৰ সফল সামৰণি। পশ্চিম গুৱাহাটীৰ ঐতিহাসিক বৃহত্তৰ ৰাণীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ কৃষি ভিত্তিক বায়খো উৎসৱ। দেওবাৰে ৰাণীৰ বায়খো উৎসৱত সাংস্কৃতিক অনুষ্ঠানত ৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাণী আঞ্চলিক সমিতিৰ সভাপতি ৰাজু ৰাভাই পতাকা উত্তোলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰে কন্ঠশিল্পী দীপলিনা ডেকাই ।

ৰাণীৰ 'বায়খো উৎসৱ'ত কন্ঠশিল্পী দীপলিনা ডেকা

শ্বহীদ বেদীত মাল্যৰ্পণ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ ৰাভাৰ লগতে উদযাপন সমিতিৰ সভাপতি সঞ্জয় কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি বাবুল ৰাভা,সম্পাদকদ্বয় ধৰ্মেশ্বৰ ৰাভা, মিণ্টু ৰাভাৰ লগতে অন্যান্য ব্যক্তিসকলে। ইয়াৰ পিছত উদযাপনস্থলীত বৃক্ষৰোপণ কৰে স্থানীয় বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত পূজাৰীৰ আকৰ্ষণীয় মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হয় উৎসৱৰ মূল মহাপূজা ।

Slug:-As_Kam_10june_rani_bathou_festival__801-803_vis+bite+photo_as10020

ৰাণীত বৰ্ণিল কাৰ্যসূচীৰে  "বায়খো উৎসৱ"ৰ সফল সামৰণি ।

Vo..সাহিত্যই যিদৰে এটা জাতিৰ দাপোনসদৃশ , সেইদৰে কৃষ্টি-সংস্কৃতিও এটা জাতিৰ সমাজ জীৱনৰ প্ৰতিকস্বৰূপ । ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ  আয়ুস ৰেখা তথা মেৰুদণ্ড বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱটি মহানগৰীৰ পাৰ্শ্বৱৰ্তী পশ্চিম গুৱাহাটীৰ ঐতিহাসিক বৃহত্তৰ ৰাণীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । ৰবিবাৰে ৰাণীৰ বায়খো উৎসৱত সাংস্কৃতিক অনুস্ঠানত দিপলিনা ডেকাই গীত পৰিৱেশন কৰাৰ লগতে ৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আঞ্চলিক সমিতিৰ সভাপতি ৰাজু ৰাভাই পতাকা উত্তোলেনেৰে শুভাৰম্ভ কৰা কাৰ্যসুচীৰ পিছতেই  শ্বহীদ বেদিত মাল্যাৰ্পণ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ ৰাভাই ।, উদযাপন সমিতিৰ ক্ৰমে সভাপতি সঞ্জয় কুমাৰ ৰাভা , কাৰ্যকৰী সভাপতি বাবুল ৰাভা ,সম্পাদকদ্বয়  ধৰ্মেশ্বৰ ৰাভা , মিণ্টু ৰাভাৰ লগতে অন্যান্য ব্যক্তি সকলে । ইয়াৰ পিছত উদযাপনস্থলীত বৃক্ষৰোপন কৰে স্থানীয় বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে । বৃক্ষৰোপন কাৰ্যসূচীৰ পিছতেই প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত পুজাৰীৰ আকৰ্ষণীয় পূজা মন্ত্ৰৰে আৰম্ভ হয় উৎসৱৰ মুল মহাপুজা ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.