ETV Bharat / state

জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম: বৰষাৰাণী বিষয়া - barsharani baishya at rangia

সোমবাৰে ৰঙিয়াৰ এখন বিপনী উদ্ধোধনত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম বুলি কৈ ৰাইজক সাৱধানে থকাৰ বাবে আহ্বান জনায় ৷ অভিনেত্ৰীগৰাকীয়ে ক’ৰণাৰ বিৰুদ্ধে সকলোৱে উঠি-পৰি লাগিবলৈ কোৱাৰ উপৰিও মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব বজাই ৰখা আৰু হাত পৰিস্কাৰ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

barsharani bishaya at rangia
ৰঙিয়াত বৰষাৰাণী বিষয়া
author img

By

Published : Apr 20, 2021, 8:17 AM IST

ৰঙিয়া, 20 এপ্ৰিল : ৰাজ্যত ক’ৰণা মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অনুষ্ঠিত হৈ আছে সামাজিক অনুষ্ঠানসমূহ ৷ ইয়াৰ সমান্তৰালভাৱে সোমবাৰে ৰঙিয়াৰ এখন বিপনী উদ্ধোধন কৰা হয়, য’ত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰে ৷

ৰঙিয়াত বৰষাৰাণী বিষয়া

এই উদ্ধোধনী অনুষ্ঠানত অভিনেত্ৰী বৰষাৰাণী বিষয়াই জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম বুলি কৈ ৰাইজক ক’ৰণা মহামাৰীৰ পৰা সাৱধানে থকাৰ আহ্বান জনায় । দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা যথেষ্ট ভাল বুলি কোৱাৰ লগতে অভিনেত্ৰীগৰাকীয়ে জ্যেষ্ঠসকলৰ লগতে কনিষ্ঠসকলৰ প্ৰতিও সকলোৰে দায়িত্ব আছে বুলি কয় । গতিকে ক’ৰণাৰ বিৰুদ্ধে সকলোৱে উঠি-পৰি লাগিবলৈ কোৱাৰ উপৰিও মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব বজাই ৰখা আৰু হাত পৰিস্কাৰ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

উল্লেখ্য যে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শিল্পী সমাজৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে। বিহুৰ সময়তে বছৰটোৰ বাবে উপাৰ্জন কৰা শিল্পীসকলে বিগত বৰ্ষৰ পৰা জীৱন-নিৰ্বাহত অসুবিধাৰ সন্মুখীন হোৱা বুলি কৈ চৰকাৰক শিল্পী কলৰ প্ৰতি দয়ালু দৃষ্টি ৰাখিবলৈ আহ্বান জনায় বৰষাৰাণীয়ে ।
লগতে পঢ়ক : শিমলুগুৰিত ৰঙালী বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.