ETV Bharat / state

বিদ্যুৎ বিভাগৰ মৰণফান্দঃ হাতেৰে চুব পৰা উচ্চতাতে বিদ্যুৎ পৰিবাহী তাঁৰ - RANGIA

বিদ্যুৎ পৰিবাহী তাঁৰবোৰ ইমানেই তললৈ নামি গৈছে যে হাত মেলিলেই স্পৰ্শ কৰিব পাৰি তাঁৰবোৰত । অতি শীঘ্ৰে ওখ পকী খুঁটাত তাঁৰবোৰ টনাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

RANGIA
author img

By

Published : Jun 21, 2019, 6:18 PM IST

ৰঙিয়া,21 জুন :ৰঙিয়াত বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ প্ৰমাণ ৷ বাঁহৰ খুঁটাত বিপজ্জনকভাৱে ওলমি আছে হাই ভল্টেজৰ তাঁৰ । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা বিটিএডিৰ অধীনস্থ মাদৈকাটাত শীঘ্ৰে ওখকৈ পকী খুঁটাত তাঁৰবোৰ টনাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷

ৰঙিয়া হাতেৰে চুব পৰাতে উলমি আছে বিদ্যুত পৰিবাহী তাঁৰ

গুৰুতৰ সমস্যাৰ বিৰুদ্ধে শুকুৰবাৰে ধৰ্না প্ৰদৰ্শন কৰে স্থানীয় মহিলাই । প্ৰতিবাদকাৰী সকলে বিদ্যুৎ বিভাগ হায় হায় , অসম চৰকাৰ মুৰ্দাবাদ , বাঁহৰ খুঁটাৰে বিজুলী যোগান দিয়া নচলিব , অতি শীঘ্ৰে পকী খুঁটাৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

অঞ্চলটোত হাতেৰে চুব পৰাতে উলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰবোৰ । ৰাইজে অতি শীঘ্ৰে ওখকৈ পকী খুঁটাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । ইতিমধ্যে অকৰ্মণ্য বিভাগটোৰ হেমাহিৰ বাবে বিপজ্জনকভাৱে এনেদৰে ওলমি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । দীৰ্ঘদিন ধৰি বিভাগটোক আবেদন-নিবেদন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । বিদ্যুৎ বিভাগে এনেদৰে অঞ্চলটোৰ ৰাইজৰ জীৱনকলৈ হেতালি খেলা কাৰ্যক ধিক্কাৰ দিয়ে প্ৰতিবাদ কৰা এইসকল মহিলাই । এই ক্ষেত্ৰত শক্তিমন্ত্ৰীক উপযুক্ত ব্যৱস্থা লৈ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনায় ।

Intro:বাহঁৰ খুটাত বিপদজনক ভাৱে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ ওলমি আছে ৰঙিয়াত।Body:ৰঙিয়াত অকৰ্মণ্য বিদ্যুৎ বিভাগে বাঁহৰ খুঁটাৰে টনা বিদ্যুৎ পৰিবাহী তাঁঁৰত বিপজ্জনকভাৱে ওলমি আছে হাই ভল্টেজৰ তাঁৰ । এই দৃশ্য ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা বিটিএডিৰ অধীনস্থ মাদৈকাটাৰ । যিকোনো মুহূৰ্ততে ভয়াবহ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে অঞ্চলটোত । এনে এক গুৰুতৰ সমস্যাৰ বিৰুদ্ধে আজি স্থানীয় মহিলাই ধৰ্না প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰী সকলে বিদ্যুৎ বিভাগ হায় হায় , অসম চৰকাৰ মুৰ্দাবাদ , বাঁহৰ খুঁটাৰে বিজুলী যোগান দিয়া নচলিব , অতি শীঘ্ৰে পকী খুঁটাৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । উল্লেখ্য যে এই বিদ্যুৎ পৰিবাহী তাঁৰবোৰ ইমানেই তললৈ নামি গৈছে যে হাত মেলিলেই চুই দিব পৰা যায় । ৰাইজে অতি শীঘ্ৰে ওখকৈ পকী খুঁটাত তাঁৰবোৰ টনাৰ বাবে দাবী জনায় । ইতিমধ্যে অকৰ্মণ্য বিভাগটোৰ হেমাহিৰ বাবে বিপজ্জনকভাৱে এনেদৰে ওলমি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । দীৰ্ঘদিন ধৰি বিভাগটোক আবেদন-নিবেদন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । বিদ্যুৎ বিভাগে এনেদৰে অঞ্চলটোৰ ৰাইজৰ জীৱনকলৈ হেতালি খেলা কাৰ্যক ধিক্কাৰ দিয়ে প্ৰতিবাদ কৰা এইসকল মহিলাই । এই ক্ষেত্ৰত শক্তিমন্ত্ৰীক উপযুক্ত ব্যৱস্থা লৈ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনায় ।
Bite:-publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.