ETV Bharat / state

ক্ৰমাৎ সংকটৰ গৰাহত খোখা নিৰ্মানৰ কুটিৰ উদ্যোগ

author img

By

Published : Jun 14, 2021, 9:12 PM IST

ক’ভিডে জুৰুলা কৰিছে ৰাজ্যৰ অৰ্থনীতি । মিনি লকডাউনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য কুটিৰ শিল্প সমূহ । অসমৰ কুটিৰ শিল্পসমূহৰ ভিতৰত একক আৰু অনন্য কামৰূপ জিলাৰ বাৰেডলা অঞ্চলৰ মুৰ্গীৰ পোৱালি কঢ়িওৱাত ব্যৱহৃত খোখা শিল্প । গাওঁবাসীয়ে বছৰ বছৰ ধৰি জড়িত হৈ পৰিয়াল পোহ পাল দিয়া খোখা শিল্প এতিয়া গভীৰ সংকটত ।

ক্ৰমাৎ সংকটৰ গৰাহত খোখা নিৰ্মানৰ কুটিৰ উদ্যোগ
ক্ৰমাৎ সংকটৰ গৰাহত খোখা নিৰ্মানৰ কুটিৰ উদ্যোগ

বাইহাটা, 14 জুন : ক’ভিডে জুৰুলা কৰিছে ৰাজ্যৰ অৰ্থনীতি ৷ লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ কুটিৰ শিল্পৰ উদ্যোগসমূহক ৷ অসমৰ কুটিৰ শিল্পসমূহৰ ভিতৰত একক আৰু অনন্য কামৰূপ জিলাৰ বাৰেডলা অঞ্চলৰ মুৰ্গীৰ পোৱালি কঢ়িওৱাত ব্যৱহৃত খোখা নিৰ্মাণৰ শিল্প । উল্লেখ্য যে, বছৰ বছৰ গাওঁবাসী জড়িত হৈ আছে এই শিল্পৰ লগত , পিছে এই কৰ্মৰে পৰিয়াল পোহ পাল দিয়া খোখা শিল্পী সকল এতিয়া গভীৰ সংকটত ।

প্ৰতি মাহত প্ৰায় সত্তৰ হাজাৰ খোখা বিক্ৰী কৰি স্বাৱলম্বীতাৰ এক অনবদ্য নিদৰ্শন দাঙি ধৰা বাৰেডলাৰ খোখা উদ্যোগে প্লাষ্টিকৰ খোখা উদ্যোগতো আনিছিল বৃহৎ প্ৰত্যাহ্বান ৷ কিন্তু মিনি লকডাউনৰ ফলত এতিয়া বন্ধ হোৱাৰ দিশত এই শিল্প । পূৰ্বৰ ৭০ হাজাৰৰ পৰিৱৰ্তে এতিয়া ৰপ্তানি হয় ২০ৰ পৰা ২৫ হাজাৰ খোখা । সম্প্ৰতি পাহাৰ সদৃশ দম হৈ পৰিছে খোখা সমূহৰ । পূৰ্বে খোখা বিক্ৰি কৰি ১৫০০ ৰ পৰা ২০০০ টকা পোৱাৰ পৰিৱৰ্তে এতিয়া লাভ কৰিছে মাত্ৰ ৭০০ ৰ পৰা হাজাৰ টকা ।

সেয়ে আৰ্থিক সংকত নামি আহিছে বাৰেডলা অঞ্চলৰ খোখা উদ্যোগৰ লগত জড়িত এই সমূহ পৰিয়াললৈ । এনে সংকটৰ সময়ত সাহাৰ্য বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে খোখা শিল্প এই উদ্যোগটোৰ লগত জড়িত প্ৰতি গৰাকী থলুৱা শিল্পীয়ে ৷

কৰ'ণাৰ সংহাৰত কম-বেছি পৰিমানে হ'লেও ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ প্ৰতিটো খণ্ড ৷ বৰমাতো আংশিক লক্ ডাউনে ক্ষতিগ্ৰস্ত কৰিছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ ব্যৱসায় ৷ বেছিবলৈ অনা বাঁহৰ জাকৈ, ডলা- চালনী, বিভিন্ন সা-সঁজুলি কিনা গ্ৰাহক নোহোৱাৰ বাবে পৰি ৰৈছে তেনেদৰেই ৷ যিহেতু বাৰিষা অহাৰ লগে লগে মাছ ধৰিবলৈ জাকৈ-চেপাৰ প্ৰয়োজন আৰু ব্যৱসায়ী সকলেও এইবোৰ বজাৰত বিক্ৰীৰ বাবে বজাৰত উলিয়াই দিছে ৷ কিন্তু ক’ভিডৰ ভয়াৱহ সংক্ৰমণে যেন গ্ৰাহকক বাধা প্ৰদান কৰিছে ৷ যাৰ ফলত বাঁহৰ সজুলি বেছি পৰিয়াল পোহপাল দিয়া সকলৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷ বহুতেই দুবেলা দুসাজ ভাত যোগাৰ কৰাৰ বাবেও চিন্তা কৰিব লগীয়াত পৰিছে ৷ সকলোৱেই আশাৰে বাট চাইছে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহালৈ ৷

লগতে পঢ়ক : ভিক্ষাৰীৰ গুদামত তিনি গভাইত চোৰ...তাৰ পিছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.