বাইহাটা চাৰিআলি, 17 মে‘ : বাইহাটা চাৰিআলিৰ কমলপুৰৰ সমীপবৰ্তী বৰুৱাজানি গাঁৱৰ এগৰাকী ভাস্কৰ্য্য শিল্পী । জন্মৰ ছয় মাহ পিচতে মাতৃক হেৰুৱাইছিল শিল্পী গৰাকীয়ে । মাতৃহাৰা এই শিল্পীগৰাকীয়ে মাতৃৰ মুখ খনৰ প্ৰতিচছবি বিচাৰি পোৱাৰ হাবিয়াসেৰে অংকন কৰিছিল বিভিন্ন ছবি । তেনেকৈয়ে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোকৈয়ে নিজকে এজন ভাস্কৰ্য্য শিল্পী হিচাপে প্ৰস্তত কৰিলে শিল্পী জনে । পেচাত এখন ভেঞ্চাৰ স্কুলৰ সহকাৰি শিক্ষক হিতেশ শৰ্মা নামৰ এই শিল্পী গৰাকীয়ে লকডাউনৰ সময়ত বিভিন্ন বাঁহৰ মুঢ়া বা গছৰ পেলনীয়া টুকুৰা সমূহৰ পৰা সাজি উলিয়ালে বিভিন্ন প্ৰতিকৃতি ।
এই শিল্পী গৰাকীৰ হাতৰ পৰশত সৃষ্টি হ'ল বিভিন্ন জীৱ জন্তুৰ প্ৰতিকৃতিৰ লগতে বিভিন্ন মুখা । আনকি বাহৰ মুঢ়াৰ পৰাই সাজি উলিয়ালে পেপা । শিক্ষকতাৰ উপৰিও এখন সৰু পাণ তামোলৰ দোকান থকা এইগৰাকী শিল্পীয়ে দোকানত আজৰি সময়তো ব্যস্ত থাকে কিবা এটা নতুন সৃষ্টিৰ সন্ধানত ।
লগতে পঢ়ক : লক ডাউন: বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা