ৰঙিয়া, 20 এপ্ৰিল : ক’ৰণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰঙিয়াত বড়ো সম্প্ৰদায়ৰ লোকৰ উলহ মালহেৰে বৈশাগু উৎসৱ পালন ৷ ৰঙিয়াৰ তুলসীবাৰীত পাঁচদিনীয়া কাৰ্যসূচীৰে বৈশাগু উৎসৱ আয়োজন কৰা হয় ৷ এই বৈশাগু উৎসৱত অঞ্চলটোৰ প্ৰতিজন বড়ো সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে, বসন্তৰ আগমণৰ লগে লগে অসমত পালন কৰা হৈছে হেঁপাহৰ ৰঙালী বিহু । ঠিক তেনেদৰে বড়ো ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী, পুৰুষ-মহিলা সকলো ওলাই আহিছে বৈশাগু উৎসৱৰ আনন্দত কৰিবলৈ ৷ বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ লগতে বড়ো জীয়ৰী বোৱাৰীসকলে স্বকীয় বৈশিষ্ট্যৰে অংশ লৈছে বৈশাগু নৃত্যত ৷ ডেকা গাভৰু সকলোৱে লগ লাগি স্থানীয় লোকসকলৰ ঘৰে ঘৰে গৈ নৃত্য কৰি আনন্দত মতলীয়া হৈ পৰিছে ।
লগতে পঢ়ক : শিমলুগুৰিত ৰঙালী বিহু উদযাপন