ETV Bharat / state

Baikho Festival: ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ পালন - পৰম্পৰাগত বায়খো উৎসৱ

ৰাভা জনগোষ্ঠীৰ জনপ্ৰিয় উৎসৱ বায়খো উৎসৱ ৷ এই উৎসৱৰ এক বিশেষ পৰ্ব হৈছে ‘বাৰ নাককায়’ ৷ এই পৰ্বৰ কিছু দৃশ্যই আপোনাকো শিহৰিত কৰি তুলিব ৷ খালী ভৰিৰে জুইৰ ওপৰেৰে নাচিছে একাংশ যুৱকে ৷

Baikho Festival celebrated at Boko
ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ পালন
author img

By

Published : Jun 15, 2023, 4:45 PM IST

ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ পালন

বকো, 14 জুন : বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰেৰে ভৰপুৰ অসম ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰে নিজা কৃষ্টি-সংস্কৃতি স্বকীয়তা ৷ আমি আজি আপোনালোকক দেখুৱাম ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত বায়খো উৎসৱৰ "বাৰ নাককায়"পৰ্ব ৷

বায়খো দেৱীক সন্তুষ্ট কৰিবলৈ ৰাভা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে নাককায়"পৰ্ব ৷ এই পৰ্বৰ কিছু দৃশ্যই আপোনাকো শিহৰিত কৰি তুলিব ৷ খালী ভৰিৰে জুইৰ ওপৰেৰে নাচিছে একাংশ যুৱকে৷ পিচে এয়া কোনো তন্ত্ৰ-মন্ত্ৰৰে কৰা খেল নহয় ৷

জনপ্ৰবাদ অনুসৰি ৰাভাসকলৰ আৰাধ্যা দেৱী বায়খো দেৱীক সন্তুষ্ট কৰিবলৈ ‘বায়ব্ৰা’সকলে (নৃত্য কৰা লোকসকল) কেইবাদিনো অনাহাৰে থাকি বিভিন্ন নীতি-নিয়মেৰে পূজা-অর্চনা কৰি জুইৰ ওপৰত নৃত্য কৰে৷ দেৱীৰ আশীৰ্বাদত এই নৃত্য কৰা যুৱকসকলৰ একো ক্ষয়-ক্ষতি নহয় ৷ জুইৰ ওপৰত কৰা এই নৃত্যক ৰাভা ভাষাত ‘বাৰ নাককায়’ বুলি কোৱা হয় ৷

বুধবাৰে কামৰূপ জিলাৰ বকোৰ গামেৰীমূৰাত এদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈছে এই পৰ্ব ৷ এয়া দ্বিতীয় বাৰ্ষিক গামেৰীমূৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, গামেৰীমূৰা আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু গামেৰীমূৰা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত বায়খো উৎসৱৰ "বাৰ নাককায়"৷ ৰাভা লোকসকলে অতীজৰে পৰা বায়খো দেৱীক আৰাধনা কৰি আহিছে ৷ কৃষিজীৱী লোকসকলে পালন কৰে "বায়খো উৎসৱ"৷ খেতি-বাতি ভাল হোৱা, বেমাৰ-আজাৰৰ পৰা হাত সাৰিবলৈ আৰু সৰ্বাংগীন উন্নতিৰ বাবে এই উৎসৱ পালন কৰা হয়৷ বায়খো দেৱীক আৰাধনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি ৰাভা জনগোষ্ঠীয় লোকসকলৰ জনবিশ্বাস ৷

উল্লেখযোগ্য যে, জুইৰ ওপৰত নৃত্য কৰাৰ যি পৰম্পৰা এয়া বায়খো পূজাৰ আন এটা অংশ হ’ল ‘কিল্লা দিবিকায় চাঙো’ ৷ এই পূজাৰ ৰাভাসকলে পূৰ্বতে যুদ্ধলৈ যোৱাৰ পূৰ্বে গছৰ ডাল ভাঙি শক্তি প্ৰদর্শন কৰাটো এটা নিয়ম আছিল ৷ ই বায়খো পূজাৰ এক এৰাব নোৱৰা অংশ৷ প্ৰবাদ মতে ‘বাৰ নাককায়’ অৰ্থাৎ অগ্নি পৰীক্ষাক পবিত্ৰতাৰ প্ৰতীক বুলি কোৱা হয়৷

তাহানিতে ৰাভা লোকসকলে যুদ্ধৰ পৰা ঘৰলৈ উভতি অহাৰ সমযত এই অগ্নি পৰীক্ষা দি ঘৰৰ পৰা বাহিৰত থকাৰ সময়ত পৰস্ত্ৰীৰ লগত সম্পর্ক কৰা নাই বা যুদ্ধৰ পৰা আহোঁতে গহনা-পাতি লুট কৰি অনা নাই বুলি ৰাইজক পতিয়ন নিয়াব লাগিছিল ৷ ইয়াৰ পাচত ৰাইজে হৰি ধবনি দি তেওঁলোকক আদৰি লয় ৷ এনেদৰে এই বায়খো উৎসৱৰ এটা অবিচেছদ্য অংশ হৈ পৰে ‘বাৰ নাককায়’ ৷ অগ্নিৰ ওপৰত কৰা এই নৃত্য অৰ্থাত বায়খো নৃত্য কৰা লোকসকলৰ অগ্নি পৰীক্ষাই ৰাইজৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷

লগতে পঢ়ক: AJYCP protest in Assam: AJYCP ৰ ৰাজ্য়জুৰি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.