বাইহাটা, ২৯ ডিচেম্বৰ: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে বাইহাটা তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ জোৱান হেমন্ত কাকতিয়ে । মূৰটো তললৈ কৰি ভৰিৰে ৩০ ছেকেণ্ডত ১২৫ বাৰ তালি বজাই অভিলেখ সৃষ্টি কৰিছে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ জোৱানগৰাকীয়ে । হেমন্তই নবীন আগৰৱাল নামৰ এজন ব্যক্তিৰ পূৰ্বৰ অভিলেখ ভংগ কৰে ।
সমগ্ৰ ৰাজ্যবাসীকে গৌৰৱান্বিত কৰা হেমন্ত কাকতিৰ ঘৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ দ্বিগুণপাৰ গাঁৱত । হেমন্তই বুক ডাউনৰ ক্ষেত্ৰতো এচিয়ান ৰেকৰ্ড গঢ়াৰ বাবে বৰ্তমান অনুশীলন কৰি আছে । বুক ডাউনৰ ক্ষেত্ৰত বৰ্তমান এচিয়ান ৰেকৰ্ড আছে ৩০ চেকেণ্ডত ৫০ টা । হেমন্তই সেই ৰেকৰ্ড ভংগ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে ।
হেমন্ত কাকতি ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ ৫২ নং বেটেলিয়নৰ জোৱান । হেমন্তৰ সাফল্যত পৰিয়ালৰ লোকৰ লগতে দ্বিগুণপাৰৰ ৰাইজ আনন্দিত হৈ পৰিছে । আগন্তুক সময়ত তেওঁ বুক ডাউনৰ ক্ষেত্ৰতো অভিলেখ ৰচিব বুলি আশাবাদী শুভাংকাক্ষীসকল ।
লগতে পঢ়ক:উত্তৰ-পূৱ ৰেলৱে'ৰ 370 ষ্টেচনলৈ বিনামূলীয়া Wi-Fi সেৱা