মৰাণ,16 ডিচেম্বৰ: চহী জালিয়াতিৰে কৃষকৰ ভূমি বিক্ৰী কৰি অহা ভূ-মাফিয়া আটক কামৰূপ জিলাৰ চাংসাৰীত ৷ জিলা খনৰ মদনপুৰ গাঁৱৰ 2011 চনতে মৃত্যু হোৱা ব্যক্তি নীলমনি ডেকাৰ চহী জালিয়াতি কৰি মাটি বিক্ৰী কৰাৰ চেষ্টা কৰিছিল কমলপুৰৰ মিন্টূল আহমেদ নামৰ ভূ-মাফিয়া জনে ৷ পূৰ্বতেও ধৃত ভূ-মাফিয়াজনে বিভিন্ন জনৰ পৰা সংগ্ৰহ কৰিছিল কেইবা কোটি টকা ৷
মদনপুৰ গাঁৱৰ নীলমনি ডেকাৰ মাটি বিক্ৰী কৰাৰ চক্ৰান্ত পোহৰলৈ অহাৰ পাছতে নিলমনী ডেকাৰ ককায়েকে কমলপুৰ থানাত ৰুজু কৰিছিল গোচৰ ৷ 153/20 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিতে কমলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিন্টূলক ৷ প্ৰাৰম্ভিক তদন্তৰ পাচতে চাংসাৰী থানাতো মিন্টূলৰ বিৰুদ্ধে 509/20 নম্বৰত গোচৰ ৰুজু হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ৷ কেৱল মাটি জালিয়াতিয়ে নহয় বেংক আদিৰ ক্ষেত্ৰতো মিন্টূল আহমেদৰ আছে বৃহৎ কেলেংকাৰীৰ অভিযোগ ।
লগতে পঢ়ক: মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ জিলা প্ৰশাসন