ETV Bharat / state

লক্ ডাউনঃ কেনেদৰে চলিছে থলুৱা লোকশিল্পীৰ জীৱন সংগ্ৰাম

author img

By

Published : Aug 2, 2020, 3:16 PM IST

কৰ'ণাৰ ত্ৰাসৰ বাবে দেশত চলিল দীঘলীয়া লক্ ডাউন ৷ এই লক্ ডাউনৰ ফলত দেশৰ অৰ্থনীতি বিপন্ন হোৱাৰ লগতে কৰ্মহীন হৈ পৰিল একাংশ লোক ৷ বৰ্তমান কিছু পৰিমাণে লক্ ডাউন শিথিল কৰা হৈছে যদিও কমা নাই লক্ ডাউনৰ প্ৰভাৱ ৷ এই লক্ ডাউনে অমানিশা নমাই আনিলে ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে লোকশিল্পী সকলৰ জীৱনলৈ ৷ অসমৰ তেনে এটা লোকশিল্পীৰ দল হ'ল কামৰূপীয়া ওজাপালিৰ দল ৷

Baihata Ojapali face economic crisis because of lock down
কৰ'ণাৰ ত্ৰাসৰ বাবে হাহাকাৰ থলুৱা লোকশিল্পীৰ

কামৰূপ,2 আগষ্টঃ অসমৰ থলুৱা কলা-কৃষ্টিক জীপাল কৰি ৰখা কামৰূপীয়া ওজাপালিৰ দলৰ শিল্পীসকলৰ মাজত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে লক্ ডাউনৰ বাবে । উৎসৱ পাৰ্বনত ওজাপালি পৰিৱেশন কৰি পৰিয়াল পোহপাল দিয়া কমলপুৰৰ ত্ৰিনয়ন ওজাপালি দলটোৰ সদস্য সকল উপায়ন্তৰ হৈ তেওঁলোকৰ জীৱিকাৰ পথে সলনি কৰিবলগীয়া হৈছে । কোনোবাই যদি কাঠ মিস্ত্ৰীৰ যোগালি কৰিছে আন কোনোৱে আকৌ বাঁহ-বেতৰ কাম কৰিবলৈ আৰম্ভ কৰিছে ৷

তাৰ মাজতে সময় উলিয়াই কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতা খিনি মানুহৰ মাজত দোহাৰিছে ওজাপালিৰ জৰিয়তে ৷ হিতৰাম কাকতিৰ নেতৃত্বত পৰিচালিত এই ওজাপালিৰ দলটোৰ প্ৰতিগৰাকী শিল্পীয়ে জীয়াই থকাৰ বাবে চৰকাৰৰ পৰা এতিয়া কিঞ্চিতমান সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে ৷

লগতে পঢ়কঃকেৰালাত কৰ'ণা আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে যমজ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.