বাইহাটা, 20ফেব্ৰুৱাৰী: শুকুৰবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত দগাঁৱত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ এই সন্মিলনত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ লগতে বিজেপিৰ বহু কেইগৰাকী শীৰ্ষ নেতা কৰ্মী ৷
যিমানেই বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক নেতা সকলে জনতাৰ মাজত আৰম্ভ কৰিছে প্ৰাক নিৰ্বাচনী যুঁজ ৷ ভাৰতীয় জনতা দলৰ দগাঁৱত অনুষ্ঠিত এই পৃষ্ঠা প্ৰমুখ সন্মিলনৰ পৰাই ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদে ভাৰতীয় জনতা পাৰ্টীক জাতিৰ শত্ৰু আখ্যা দিছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই । আনহাতে প্ৰকৃত অসমীয়া জাতিৰ শত্ৰু কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে । এই বুলি মন্তব্য কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে ৷
আনহাতে, কমলপুৰ সমষ্টিৰ বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশ গ্ৰহণ কৰি সাংসদ গৰাকীয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈকো কঠোৰ ভাষাৰে সমালোচনা কৰে । গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ অত্যাচাৰী চৰকাৰ বুলি কৰা মন্তব্যক উভতি ধৰি সাংসদ দিলীপ শইকীয়াই কয় যে, বিদেশত থাকি ডাঙৰ দীঘল হোৱা গৌৰৱ গগৈয়ে কংগ্ৰেছ চৰকাৰ কিমান অত্যাচাৰী আছিল সেই ইতিহাস নাজানে । অসম আন্দোলনৰ সময়ত কংগ্ৰেছ চৰকাৰ কিমান অত্যাচাৰ কৰিছিল সেয়া গৌৰৱ গগৈয়ে অধ্যয়ন কৰা উচিত বুলি মন্তব্য কৰে সাংসদ শইকীয়াই ৷
অগপৰ দখলত থকা কমলপুৰ সমষ্টিত বিজেপি দলৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনত কমলপুৰ বিজেপিয়ে বিজয় উৎসৱ সদৃশ পৰিস্থিতি সৃষ্টি কৰে । কন্ঠশিল্পী কৃষ্ণমণি চুতীয়া সহ কেইবাগৰাকীও শিল্পীয়ে প্ৰায় পাঁচ ঘন্টা ধৰি অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত সাংসদ দিলীপ শইকীয়াই এইবাৰ কমলপুৰ সমষ্টিত ভূমিকম্প হ’ব বুলিও অগপ দলক খোচ মাৰে ।
কমলপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তা সকলে এইবাৰ সমষ্টিটো কোনো কাৰণতে এৰি নিদিয়াৰ সংকল্প লৈছে আৰু এইক্ষেত্ৰত দলে সিদ্ধান্ত ল’ব বুলি সাংসদ গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । ইফালে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন নেখেলো বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে দলে নিৰ্দেশ প্ৰদান কৰিলে দলৰ সকলো কাৰ্যকৰ্তাই সেয়া মানি ল'বলৈ বাধ্য । সেয়ে দলে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন খেলিবলৈ নিৰ্দেশ প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত ভাৱে সেই নিৰ্দেশক সন্মান প্ৰদান কৰিব । অন্যহাতে পৰৱৰ্তী সময়ত চৰকাৰী আঁচনি ৰূপায়ণৰ বাবে হিতাধিকাৰী পৃষ্ঠা প্ৰমুখ সকলে নিৰ্বাচন কৰিব বুলিও মত আগবঢ়াই সাংসদ গৰাকীয়ে ।
লগতে পঢ়কঃ বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি