ETV Bharat / state

কমলপুৰ সমষ্টিত পুনৰ অগপৰ হৈ সত্যব্ৰত কলিতাই বিচাৰিব প্ৰাৰ্থীত্ব - কমলপুৰ সমষ্টি

21 ৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজত আভ্যন্তৰীণ ভাৱে যুদ্ধ চলি থকাৰ সময়তে কমলপুৰ সমষ্টিৰ বাবে অগপৰ বিধায়ক সত্যব্ৰত কলিতাই স্পষ্ট কৰিলে মত ৷ সাংবাদিকৰ আগত কি ক'লে বিধায়ক গৰাকীয়ে ?

baihata-mla-satyabrata-about-kamalpur-seat
কমলপুৰ সমষ্টিত পুনৰ অগপ হৈ প্ৰাৰ্থীত্ব বিচাৰিব সত্যব্ৰত কলিতাই
author img

By

Published : Jan 28, 2021, 8:05 PM IST

কামৰূপ, 28 জানুৱাৰী : 21 ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল সমূহৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজতো আৰম্ভ হৈছে আন এক যুদ্ধৰ ৷ কমলপুৰ সমষ্টিৰ পৰা বৰ্তমানৰ অগপৰ বিধায়ক সত্যব্ৰত কলিতাই পুনৰ সমষ্টিটোৰ 21 প্ৰাৰ্থীত্ব বিচাৰিব ৷ ইতিমধ্য এই সন্দৰ্ভত সাংবাদিকৰ আগত স্পষ্ট মন্তব্য প্ৰকাশ কৰিছে বিধায়ক সত্যব্ৰত কলিতাই ৷

কমলপুৰ সমষ্টিত পুনৰ অগপ হৈ প্ৰাৰ্থীত্ব বিচাৰিব সত্যব্ৰত কলিতাই

বৃহস্পতিবাৰে কমলপুৰ বিধানসভা সমষ্টিটোৰ অন্তৰ্গত কলাজল চ'কত বিধায়ক গৰাকীয়ে অগপৰ এটি স্থায়ী কাৰ্য্যলয় উদ্বোধন কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে সমষ্টিটোৰ প্ৰায় দুই শতাধিক নেতা, কৰ্মী উপস্থিত থাকে ।

কাৰ্যালয়টো উদ্বোধন কৰিয়ে বিধায়ক সত্যব্ৰত কলিতাই সাংবাদিকক সম্বোধন কৰে ৷ তেওঁ কয়, কমলপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বাবে বিগত দিনত সকলো দিশৰ পৰা আঁচনি গ্ৰহণ কৰাৰ লগতে কাম কৰি অহা হৈছে ৷ সমষ্টিটোত অগপৰ স্থিতি বৰ্তমানে বহু শক্তিশালি বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

অগপৰ দখলত থকা অসম বিধান সভাৰ 14 আসনেই আগন্তুক নিৰ্বাচনত অগপই প্ৰাৰ্থীত্ব দিব ৷ ইয়াৰোপৰি যিসমূহ সমষ্টিত অগপৰ সাংগঠনিক ভেঁটি শক্তিশালি সেই সমূহ সমষ্টিত অগপই নিশ্চিতভাৱে প্ৰাৰ্থীত্ব দিব ৷ সত্যব্ৰত কলিতাই কয় ৷

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সাংবাদিকৰ প্ৰশ্ন উত্তৰত বিধায়ক গৰাকীয়ে বৃহস্পতিবাৰে এইদৰে আশাসুলভ মন্তব্য প্ৰকাশ কৰা দেখা যায় ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত ৰংপুৰ মে-ডাম-মেফিৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.