ETV Bharat / state

মদনপুৰত জ্বলাই দিয়া হ’ল টোলগেট

মদনপুৰ টোল গেটত উত্তপ্ত পৰিস্থিতি । নতুন লেচীয়ে টোল গেটৰ দায়িত্ব লোৱাৰ পিচতে একাংশ যুৱকে হাতে হাতে ৰড-লাঠী আদি লৈ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে ৷

author img

By

Published : Dec 25, 2020, 1:32 PM IST

Baihata Madanpur Toll Gate
মদনপুৰ টোলগেট উত্তপ্ত পৰিস্থিতি

কামৰূপ, 25 ডিচেম্বৰ : বাইহাটা চাৰিআলিৰ মদনপুৰ টোল গেটত শুকুবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । নতুন লেচীয়ে টোল গেটৰ দায়িত্ব লোৱাৰ পিচতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ।

একাংশ যুৱকে হাতে হাতে ৰদ-লাঠী আদি লৈ ভাঙি লণ্ড ভণ্ড কৰে মদনপুৰ টোলগেট । সমান্তৰালভাৱে ইয়াতে শান্ত নাথাকি গেটত অগ্নি সংযোগ কৰে ক্ষোভিত যুৱক সকলে ।

মদনপুৰ টোলগেটত উত্তপ্ত পৰিস্থিতি

স্থানীয়লোকে সদৰি কৰা মতে বহিঃৰাজ্যৰ লেচীয়ে টোলগেটৰ দায়িত্ব লাভ কৰাৰ বাবেই সৃষ্টি হয় এই পৰিস্থিতি । ইফালে, ঘটনাস্থলীত বহু সময় লৈকে কামৰূপ আৰক্ষীৰ দল উপস্থিত হোৱা নাছিল বুলি সদৰি কৰিছে স্থানীয় লোকে । বৰ্তমান আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.