ETV Bharat / state

মদনপুৰ টোল গে'টত নিশা তীব্ৰ যানজঁট

author img

By

Published : Jan 18, 2021, 5:38 PM IST

শনিবাৰে নিশা বাইহাটাৰ মদনপুৰ টোল গে'টত তীব্ৰ যানজঁট । প্ৰায় ৪ ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় যানবাহনবোৰ । টোল গে'টৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ ।

শনিবাৰে নিশা বাইহাটাৰ মদনপুৰ টোল গে'টত তীব্ৰ যানজঁট

বাইহাটা, ১৮ জানুৱাৰী : বাইহাটা চাৰিআলিৰ মদনপুৰ টোল গে'টৰ যানজঁটে অতিষ্ঠ কৰিছে যাত্ৰীক । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত যাত্ৰীয়ে প্ৰতিদিনে হাৰাশাস্তি ভূগিবলগীয়া হয় । বিশেষকৈ নিশাৰ ভাগত মদনপুৰ টোল গে'ট তীব্ৰ যানজঁটৰ সৃষ্টি হয় । প্ৰায় ৪ ঘণ্টা ধৰি টোল গে'টৰ দুয়ো দিশে আৱদ্ধ হৈ থাকিবলগীয়া হয় বহু যানবাহন । ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চো আৱদ্ধ হৈ থাকে টোল গে'টত ।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে টোল গে'টত ধন সংগ্ৰহৰ নামত কৰ্মচাৰীয়ে যাত্ৰীৰ লগত দুৰ্ব্যৱহাৰ কৰে । ইয়াকে লৈ টোল গে'টত বাক-বিতণ্ডাৰো সৃষ্টি হয় । দেওবাৰে মন্ত্ৰীৰ বাহনো বহু সময় ধৰি মদনপুৰ টোল গে'টত আৱদ্ধ হৈ থাকিবলগীয়া হয় ।

লগতে পঢ়ক:বৰপেটাত 'BARPETA' A BIRDS EYE VIEW শীৰ্ষক গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.