বাইহাটা,7 জুন: অসমত আলংকাৰিক মাছ(Ornamental fish)ৰ যথেষ্ট সম্ভাৱনীয়তা আছে । কিয়নো অসমত বৰ্তমান আলংকৰিক মাছৰ ২১৬ টা প্ৰজাতি আছে । তাৰে ভিতৰত ১৫০ বিধ মাছৰ প্ৰজাতিৰে আলংকাৰিক গুণ আছে আৰু ইয়াৰে ৫০ বিধ মাছৰ আন্তৰ্জাতিক আলংকাৰিক মৎস্য বজাৰত যথেষ্ট চাহিদা আছে । সেয়ে অসমৰ বিল বা প্ৰাকৃতিক জলাশয়সমূহত বিভিন্ন আলংকাৰিক মৎস্যৰ প্ৰজাতি থকা বুলি উল্লেখ কৰে ফিচফেডৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই ।
কামৰূপৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী ঐতিহাসিক গোপেশ্বৰ দেৱালয় আৰু পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত মাছৰ পোণা এৰি দিয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে পৰিচালন সঞ্চালক গৰাকীয়ে । অসমত থকা এই বিভিন্ন প্ৰজাতিৰ মৎস্য প্ৰজাতিসমূহক লৈ মীন বিভাগে আমৰংগাত আলংকাৰিক মৎস্য গৱেষণা আৰু প্ৰজনন কেন্দ্ৰ(Fisheries Research and Breeding Center) স্থাপন কৰি কাম আৰম্ভ কৰা বুলিও উল্লেখ কৰে পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই ।
অনাগত দিনত মাছৰ ক্ষেত্ৰত মীন বিভাগে কিছু কাৰ্যপন্থা গ্ৰহণ কৰি স্ব-নিৰ্ভৰশীলতাৰ যি প্ৰয়াস তাক অধিক জীৱন্ত কৰি তুলিব বুলি কয় ৷ আনহাতে ৰাজ্যৰ জনসাধাৰণক মাছে পোণা দিয়াৰ এই সময়চোৱাত মাছ নিধন নকৰিবলৈকো আহ্বান জনায় পৰিচালন সঞ্চালক গৰাকীয়ে ।
উল্লেখ্য যে, মাছৰ পোণা এৰি দিয়া এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ লগতে অসম গণ পৰিষদৰ কমলপুৰ সমষ্টিৰ যুৱ পৰিষদৰ কৰ্মকৰ্তা, মীন বিভাগৰ উপ সচিব মুনীন দত্ত, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা নডেল বিষয়া সঞ্জয় তামুলী উপস্থিত থাকে ৷
লগতে পঢ়ক : মৰাণৰ এটা ব্যতিক্ৰমী ক'ভিড কেয়াৰ কেন্দ্ৰ