বাইহাটা,30 ডিচেম্বৰঃ তৃতীয় দিনত ভৰি দিলে পূব- কামৰূপ মহাবিদ্যালয় শিক্ষক গোটৰ অধ্যক্ষৰ বিৰুদ্ধে চলাই অহা প্ৰতিবাদৰ । উল্লেখযোগ্য যে, অভিযোগ অনুসৰি বিগত কাৰ্যকালৰ সময়ত তথা বৰ্তমানেও অধ্যক্ষ গৰাকীয়ে চলাই আহিছে একানায়ত্ববাদ আৰু হিটলাৰী শাসন । চৰকাৰী নীতি নিৰ্দেশনা অমান্য, কলেজ বিল্ডিঙৰ নিৰ্মানত বৃহৎ বিত্তীয় খেলিমেলি আদি কেলেংকাৰীত সাঙোৰ খাই আছে অধ্যক্ষ বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী নাম ।
উল্লেখযোগ্য যে, মহাবিদ্যালয় পৰিচালনা সমিতিত শিক্ষক সদস্য অন্তৰ্ভূক্ত নকৰা, নিজৰ খেয়ালখুচিৰে কলেজ কেণ্টিন বন্ধ কৰি দিয়াৰ লগতে নিজৰ ইচ্ছা মতে নিযুক্তি দিয়া আদি বিভিন্ন অভিযোগ আনি শিক্ষক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদী কাৰ্যসূচী চলোৱাৰ সমান্তৰাল ভাৱে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা প্ৰদানত ব্যঘাট নোহোৱাকৈ নিয়মিত পাঠদান কাৰ্যসূচী চলাই যোৱা বুলিও উল্লেখ কৰে শিক্ষক সকলে । প্ৰথম পৰ্য্যায়ত তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লয় যদিও অধ্যক্ষ গৰাকীয়ে যদি আলোচনাৰ মেজলৈ শিক্ষক সকলক আমন্ত্ৰণ নজনাই পৰৱৰ্তী সময়ত পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি উল্লেখ কৰে শিক্ষক সকলে ।