ETV Bharat / state

বাইহাটাত ছাগলী চোৰক ৰাইজৰ উত্তম মধ্যম

দীৰ্ঘদিন ধৰি কমলপুৰ থানাৰ বিভিন্ন অঞ্চলত সমূহত ছাগলী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুটা গভাইত চোৰে। এই দুই চোৰে আকৌ ছাগলী চোৰ কৰিবলৈ স্কুটীতহে আহে ৷ পথৰ কাষত চৰি থকা ছাগলী লৈ নিমিষতে উধাও হয় দুই চোৰ ৷ কিন্তু শুকুৰবাৰে ছাগলী চোৰ কৰিবলৈ লওতেই ৰাইজে আটক কৰিলে চোৰ কেইটাক ৷

দিন বেয়া আছিল কল্প দাস আৰু পুলক ৰাজবংশীৰ
author img

By

Published : Oct 18, 2019, 7:35 PM IST

বাইহাটা চাৰিআলি, 18 অক্টোবৰঃ চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা। কিন্তু বেয়া কাম কৰিলে সেয়া লুকাই নাথাকে ৷ শুকুৰবাৰে কামৰূপৰ বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষীৰ জালত পৰিল দুই ছাগলী চোৰ। দীৰ্ঘদিন ধৰি কমলপুৰ থানাৰ বিভিন্ন অঞ্চলত সমূহত ছাগলী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুটা গভাইত চোৰে। এই দুই চোৰে আকৌ ছাগলী চোৰ কৰিবলৈ স্কুটীতহে আহে ৷ পথৰ কাষত চৰি থকা ছাগলী লৈ নিমিষতে উধাও হয় দুই চোৰ ৷

BAIHATA CHARIALI TWO GOAT THIEF ARRESTED
চুৰি কৰা পঠা ছাগলীটো

কিন্তু শুকুৰবাৰে দিন বেয়া আছিল কল্প দাস আৰু পুলক ৰাজবংশী নামৰ চোৰ দুটাৰ ৷ যাৰবাবে বাইহাটাৰ দ্বিগুণপাৰ (লেজা) গাঁৱত পথৰ দাঁতিত ঘাঁহ খাই থকা অৱস্থাত স্কুটিত উঠাই লৈ যায় এটা পঠা ছাগলী। আৰু এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে গাঁওখনৰে কেইজনমান যুৱকে ৷ এই ঘটনাৰ পিচতে যুৱক কেইজনে ফোন যোগে চোৰকেইটা গৈ থকা দিশে থকা গাঁওখনৰ লোকসকলক খবৰ দিয়াত গাঁওখনৰ একাংশ লোকে চোৰ দুটাক কৰায়ত্ত কৰি উত্তম মধ্যম সোধাই কমলপুৰ আৰক্ষীক গতাই দিয়ে ৷

বাইহাটাত ছাগলী চোৰক ৰাইজৰ উত্তম মধ্যম

কমলপুৰ আৰক্ষীয়ে চোৰ দুটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বাইহাটা চাৰিআলিৰ কমলপুৰ অঞ্চলত সঘনাই সংঘটিত হৈ আহিছিল ছাগলী চুৰিৰ ঘটনা ৷ গভাইত চোৰ দুটা আটক হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

Intro:Baihata 2 Goat Thief Arrested
V/O:---চোৰ বৃত্তি মহান বৃত্তি যদিহে নপৰা ধৰা । ধৰা পৰিলে কিন্তু হবা আধ মৰা । হয় , বাক্য শাৰী প্ৰযোজ্য হ'ল দুই ছাগলী চোৰৰ । বাইহাটাত কমলপুৰ আৰক্ষীৰ জালত দুই ছাগলী চোৰ ।দীৰ্ঘ দিনে কমলপুৰ থানাৰ অন্তৰ্গত অঞ্ছল সমুহত ছাগলী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই দুইজন গভাইত ছাগলী চোৰে । স্কুটিত আহি চুৰ কৰে পথত চৰি থকা ছাগলী । কিন্তু কল্প দাস আৰু পুলক ৰাজবংশী নামৰ এই চোৰ দুজনৰ গুৰুৰ দশা আছিল বেয়া । দ্বিগুণপাৰ (লেজা) গাৱত পথৰ দাতিত ঘাহ খাই থকা অৱস্থাত স্কুটিত উঠাই লৈ যায় এটা পথা ছাগলী । দূৰৈৰ পৰা এই ঘটণা লক্ষ্য কৰি থকা কেইজন মান যুৱকে ফোনযোগে খবৰ দিয়ে ওচৰৰ বোৰ্কা গাৱৰ যুৱকক । সেই মৰ্মে বোৰ্কা যুবক কেইজন মানে দুয়োজন ছাগলী চোৰকে অন্য ছাগলী চুৰি কৰিবৰ বাবে অপক্ষাৰত অৱস্থাত কৰায়ত্ব কৰাৰ লগতে মাৰধৰ কৰি গটাই দিয়ে কমলপুৰ আৰক্ষীক । দুয়োজন ছাগলী চোৰকে কমলপুৰ আৰক্ষীয়ে মহামান্য আদালতলৈ প্ৰেৰন কৰে ।
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.