ETV Bharat / state

ভূমি বিবাদৰ বাবেই প্ৰতিবেশীক হত্যাৰ অপচেষ্টা - ভাৰতীয় দণ্ডবিধি আইন

ভূমি বিবাদক কেন্দ্ৰ কৰি ৬৫ বছৰীয়া এজন বৃদ্ধলোকক হত্যাৰ অপচেষ্টা কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বাথানত ৷ কোনে কৰিলে এই অপচেষ্টা সবিশেষ জানো আহক ৷

baihata-attempt-to-murder-case
ভূমি বিবাদৰ বাবেই জ্যেষ্ঠ নাগৰিকক হত্যাৰ অপচেষ্টা
author img

By

Published : Oct 1, 2021, 10:13 PM IST

বাইহাটা, 1 অক্টোবৰ : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বাথানত প্ৰতিবেশী দুটা পৰিয়ালৰ মাজত ভূমিৰ সীমা বিবাদক কেন্দ্ৰ কৰি ৬৫ বছৰীয়া এজন বৃদ্ধলোকক হত্যাৰ অপচেষ্টা কৰাৰ গোচৰত অভিযুক্ত দুই ভ্ৰাতৃক শুকুৰবাৰে জেলহাজোতলৈ প্ৰেৰণ কৰা হৈছে । অভিযোগমতে, বাথানৰ বড়া চুবুৰীৰ ভ্ৰাতৃদ্বয় দেৱৰ্ষি বড়া আৰু হিমাংশু বড়াই সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজিত হৈ মতিৰাম বড়া(৬৫)ক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।

ভূমি বিবাদৰ বাবেই জ্যেষ্ঠ নাগৰিকক হত্যাৰ অপচেষ্টা

ফলত মতিৰাম বড়াই ডিঙিত গুৰুতৰভাৱে আঘাত পোৱাত তেওঁক সংকটজনক অৱস্থাত চিকিৎলয়লৈ নিয়া হয় আৰু বৰ্তমানো চিকিৎসাধীন হৈ আছে । আন এক অভিযোগমতে, এই দুই ভ্ৰাতৃয়ে উষা বড়া(৬০) আৰু দ্বীপেন বড়া নামৰ আন দুজনকো চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আঘাত কৰিছে । আনহাতে, ঘটনাৰ খৱৰ পাই আৰক্ষী ঘটনাথলীত উপস্থিত হয় যদিও ইয়াৰ উমান পাই দুই ভ্ৰাতৃয়ে পলায়ন কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু, পিছত আৰক্ষীয়ে অভিযুক্ত দ্বয়ক আটক কৰাৰ লগতে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৭/৩০৭ আৰু ৩৪ ধাৰাত ৪৯৫/২০২১ নম্বৰত পঞ্জীয়ন কৰা গোচৰৰ আধাৰত তেওঁলোকক আদালতত হাজিৰ কৰায় ।

লগতে পঢ়ক : উপ-নিৰ্বাচনত ছটা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.