ETV Bharat / state

বাইহাটা চাৰিআলিত পূব কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ - protest

অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়াৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি লৈ বহিৰাগত উদ্যোগপতিক ভূমি প্ৰদান কৰাক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে পূব কামৰূপ ছাত্ৰ সন্থাই ৷

Baihata ASSU protest
বাইহাটা চাৰিআলিত পূব কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Jul 2, 2020, 2:49 PM IST

কামৰূপ,2জুলাই: বাইহাটা চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়াৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি লৈ বহিৰাগত উদ্যোগপতিক ভূমি প্ৰদান কৰাৰ কৌশল ৰচনা কৰা হৈছে বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে ৷ কেবিনেটে সিদ্ধান্ত গ্ৰহন কৰা নথি পত্ৰসমূহৰ প্ৰতিলিপিও দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷

বাইহাটা চাৰিআলিত পূব কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অন্য এক খবৰৰ বাবে: এডাল জৰাজীৰ্ণ বাঁহঃ ওলমি ৰৈছে 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পূব কামৰূপ ছাত্ৰ সন্থাই সাব্যস্ত কৰা এই প্ৰতিবাদত উদ্যোগপতিক কৃষিভূমি গটাই দিয়া কাৰ্যক তীব্ৰভাৱে নিন্দা কৰে ৷ জাতি,মাটি,ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰি এই সিদ্ধান্ত পুনৰবাৰ বিবেচনা কৰি চাবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ৷ অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলা হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.