বাইহাটা, 6 মাৰ্চঃ বাইহাটা চাৰিআলিত বৃহস্পতিবাৰে নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় চক্ৰ ডেকা নামৰ ফলমূলৰ ব্যৱসায়ী এজন ৷ ব্যৱসায়ীজনে নিশা তেওঁৰ ফলমূলৰ দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথতে পিচফালৰ পৰা অহা বাহনে মহতিয়াই নিয়ে ৷
মঙলদৈ পথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ পিচত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । বহু সময়ধৰি স্থানীয় ৰাইজে পথ অবৰোধ কৰে । স্থানীয় ৰাইজৰ অভিযোগ, ট্ৰেফিক পইণ্ট নথকাৰ বাবেই সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ লগতে বিগত তিনি মাহত একে স্থানত প্ৰায় ত্ৰিশটামান সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কংকনা বৰুৱাক চৰকাৰ সহায়ৰ হাত