কামৰূপ,16 ছেপ্তেম্বৰঃ বাইহাটা চাৰিআলিৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দাদাগিৰি । ক'ভিড-১৯ পৰীক্ষণ কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীক খেদি পঠিয়ালে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে । এই ঘটনা সংঘটিত হৈছে বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ পাতিদৰং বিদ্যাপীঠ হাইস্কুলত ।
উল্লেখযোগ্য যে,বিগত দুমাহ পূৰ্বে বিদ্যালয়খনত বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত স্থাপন কৰা হৈছিল ক'ভিড-19ৰ পৰীক্ষণ কেন্দ্ৰটো। স্বাস্থ্য কৰ্মীসকল প্ৰতিদিনৰ দৰে নিজৰ কৰ্তব্য সম্পাদনৰ বাবে গৈছিল উক্ত কেন্দ্ৰলৈ । পূৰ্বৰ পৰা উপস্থিত থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাই স্বাস্থ্যকৰ্মী সকলক বিদ্যালয় খনৰ মূল তোৰণৰ সন্মুখতে বিভিন্ন ধৰণে অপদস্থ কৰি ইয়াত কোনো ক'ভিড-19ৰ কেন্দ্ৰ নচলিব বুলিও খেদি পঠিয়ায় । চৰকাৰীভাৱে কোনো জাননী নোপোৱাকৈ এইদৰে স্বাস্থ্য কৰ্মী সকলক দুৰ্ব্যৱহাৰ কৰাত হতবাক হৈ পৰে স্বাস্থ্য কৰ্মীসকল । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কমলপুৰ ৰাজহ চক্ৰ বিষয়া তথা স্থানীয় দণ্ডাধীশ ড° অংকিতা শৰ্মাই কাৰণ দৰ্শাৱলৈ জাননী প্ৰেৰণ কৰে প্ৰধান শিক্ষক গৰাকীলৈ ।