ৰঙিয়া, ১০ মে': এখন বিদেশী ৰাষ্ট্ৰৰে সংযোগী এটা গুৰুত্বপূৰ্ণ ঘাইপথ । সামৰিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱেও অতি স্পৰ্শকাতৰ ঘাইপথটো । বহিশত্ৰুৰ পৰাও দেশবাসীক নিৰাপদে ৰাখিবলৈ অতিকৈ প্ৰয়োজন ঘাইপথটো । যদি দেশৰ বাবেই সকলো ক্ষেত্ৰতে পথটো অতি গুৰুত্বপূৰ্ণ । তেনেহ'লে পথটো বৰ্তমান আছে কেনেদৰে ?
অতিকৈ গুৰুত্বপূৰ্ণ পথটো হৈছে ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ (Pathetic road condition) । ৰঙিয়াৰ মাজেৰে গৈ পথটো তামোলপুৰ হৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চানদ্ৰুপজাংখাৰ পাইছেগৈ । পিছে ঘাইপথটোৰ দুৰৱস্থা দেখিলে চকু কঁপালত উঠিব আপোনাৰো । যোৱাটো বৰ্ষত পুঠিমাৰী নৈৰ প্ৰলয়ংকৰী বানে ৰঙিয়াৰ বালাগাঁৱত চলাইছিল তাণ্ডৱ (Broken road in Rangia)।
অঞ্চলটোৰ মাজেৰে যোৱা ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোৰ পশ্চিম অংশ ঘহাই পেলাইছিল বলিয়া বানে । বানত বিধ্বস্ত হৈছিল দলঙৰ লগতে বহু কালৰ্ভাট । বান শেষ হোৱা এবছৰ অতিক্ৰম কৰিবৰ হ'ল । কিন্তু বিধ্বস্ত পথটো মেৰামতি কৰিবলৈ সময় নহ'ল লোকনিৰ্মাণ বিভাগৰ । বানপানীৰ সময়ত বিভাগটোৱে বিধ্বস্ত হোৱা প্ৰায় ডেৰ কিলোমিটাৰ পথত কেইডাল মান বাঁহ বান্ধি আৰু কেইটামান বস্তা দিয়ে দায়িত্ব সামৰিলে ৰঙিয়াৰ বাৰ্মিজ নগৰত থকা লোকনিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলটোৱে ।
বিভাগটোৱে পথত দিয়া বাঁহ আৰু মাটিৰ বস্তাৰ প্ৰায়খিনিয়েই নিচিহ্ন হৈ পৰিছিল এমাহমান পিচতে (Bad condition of India-Bhutan link road in Rangia) । পথটোত এতিয়া দেখা যায় দুই এডাল বাঁহ আৰু দুই এটা বস্তা । মৰণক শৰণ কৰি নিতৌ সহস্ৰাধিক ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈছে । শিশু, মহিলা, বৃদ্ধসকলে মৰণফান্দৰূপী আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়ত কৰোতে প্ৰায়ে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
পথটোত সুৰক্ষামূলক ব্যৱস্থা নথকাত এতিয়া সঘনাই সংঘটিত হৈছে এটাৰ পিচত আন এটা পথ দুৰ্ঘটনা । বিধস্ত পথটোত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ উপৰি চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহুলোক । তাৰ পিছতো ন্যূনতম কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দিছে লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় সংমণ্ডলটোৱে । কেইবামাহ যোৱাৰ পিছতো কোনো ধৰণৰ মেৰামতি আৰু সুৰক্ষামূলক ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
ৰাইজৰ দাবী যে পথটোত যদি পুনৰ দুৰ্ঘটনা হয় তাৰ বাবে দায়ী হ’ব লোক নিৰ্মাণ বিভাগ আৰু চৰকাৰ । সম্প্ৰতি বিপদশংকুলভাৱে গাড়ী-মটৰৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে যাতায়াত কৰিব লগা হৈছে বিধ্বস্ত পথটোৰে ।
লগতে পঢ়ক: Murder in Dalgaon: জোঁৱাইৰ ঘাপত প্ৰাণ হেৰুৱালে শহুৰে