ETV Bharat / state

অন কেমেৰা পথত বাগৰিছে ইখন পাছত সিখন বাহন

author img

By

Published : Jul 11, 2020, 1:57 PM IST

পথটিৰ দুৰৱস্থাৰ বাবেই বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ অহাৰ ফলত ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে । বৃহৎ গাতসমূহৰ বাবে শনিবাৰে পথৰ মাজত বাগৰি পৰে ট্ৰাক আৰু ই-ৰিক্সা । কথমপি প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনা সংঘটিত হোৱা ইৰিক্সাখনত থকা যাত্ৰী কেইজনৰ লগতে ট্ৰাকখনৰ চালক,হেণ্ডিমেনজনৰ । ইয়াৰ পিছতো কিন্তু চকু মুদা কুলিৰ ভাও ধৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে স্থানীয় গড়কাপ্তানী বিভাগ ।

Palashbari highway
পলাশবাৰী

আজাৰা, 11 জুলাইঃ কামৰূপ জিলাৰ অন্তৰ্গত পলাশবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কেমেৰাৰ সন্মুখতে বাগৰিছে ইখনৰ পাছত সিখনকৈ বাহন ৷ দৈনিক কেবাজনো মন্ত্ৰী-বিধায়কে অহা যোৱা কৰা পথটোৰ দুৰৱস্থা দেখিও নেদেখা ভাঁও ধৰা বিভাগীয় কৰ্তৃপক্ষৰ বাবে শনিবাৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় পলাশবাৰীত ৷ দক্ষিণ কামৰূপৰ মিৰ্জা, বিজয়নগৰৰ মাজেৰে যোৱা বৰ্তমানৰ 17 নং তথা পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজত থকা দ গাঁতসমূহৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই পথটোত ।

লগতে পঢ়কঃ হাল বোৱা যন্ত্ৰ উদ্ভাৱনেৰে চমক টীয়কৰ যুৱকৰ

পথটিৰ দুৰৱস্থাৰ বাবেই বিভিন্ন সময়ত নানান দুৰ্ঘটনা সংঘটিত হৈ অহাৰ ফলত ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে । বৃহৎ গাতসমূহৰ বাবে শনিবাৰে পথৰ মাজত বাগৰি পৰে ট্ৰাক আৰু ই-ৰিক্সা । কথমপি প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনা সংঘটিত হোৱা ইৰিক্সাখনত থকা যাত্ৰী কেইজনৰ লগতে ট্ৰাকখনৰ চালক,হেণ্ডিমেনজনৰ । ইয়াৰ পিছতো কিন্তু চকু মুদা কুলিৰ ভাও ধৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে স্থানীয় গড়কাপ্তানী বিভাগ । পথৰ দুৰৱস্থা সন্দৰ্ভত কেইবাবাৰো সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই গড়কাপ্তানি বিভাগে ।

পলাশবাৰী

আনহাতে বিগত বিধানসভা নিৰ্বাচনত জয়ী হোৱা দিন ধৰি কুম্ভকৰ্ণ নিদ্ৰাত থকা পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতাক বহুবাৰ এই পথটিৰ মেৰামতিৰ কথা স্থানীয় লোকে অৱগত কৰি আহিছিল ৷ যদিও বিধায়কগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই । উল্লেখ্য যে এই পথটোৰে নিতৌ মন্ত্ৰী, বিধায়ক আৰু বহু VIP অহা যোৱা কৰে যদিও কাৰো চকুত পৰা নাই পথটোৰ দুৰৱস্থা ৷ চকু পৰিও নেদেখাৰ ভাও ধৰে নেকি জনপ্ৰতিনিধিসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.