ETV Bharat / state

হাতী বুলি গুলীয়ালে মাতৃ-কন্যাক, চাওক ক’ত সংঘটিত হৈছে এই কাণ্ড

author img

By

Published : Dec 11, 2021, 1:54 PM IST

"বন্য জীৱ-জন্তু নহয়, এইবাৰ বনকৰ্মীৰ বন্দুক উঠিছে সাধাৰণ ৰাইজৰ মূৰলৈ"- এই অভিযোগ বামুণীগাঁওবাসীৰ ৷ কিন্তু কিয় এই অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে, চাওক সবিশেষ...

two years old baby death shot dead by forest guard
বকোৰ বন্দাপাৰাত বন বিভাগৰ গুলীত নিহত ২ বছৰীয়া শিশু

বকো, 11 ডিচেম্বৰ : বকোত অঘটন ৷ বকোৰ বন্দাপাৰা ছেখাদাৰীৰ এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা ৷ কিয়নো বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছে এটি দুবছৰীয়া কন্যা (A two years old baby death shot dead by forest guard) । নিহত কন্যা শিশুটিৰ মাতৃয়ে বৰ্তমান মৃত্যুৰ সৈতে যুঁজ দি আছে চিকিৎসালয়ত । বাকৰুদ্ধ হৈ পৰিছে নিহত শিশুটিৰ পিতৃ ভৃগু দৈমাৰী ।

জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনৰ বকো বন্দাপাৰাত বিগত দুই-তিনিমাহ ধৰি অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict at Boko) ৷ বৃহত্তৰ অঞ্চলটোত খাদ্যৰ সন্ধানত জনাঞ্চলত ৩৫-৪০ জনীয়া পোৱালীসহ বন্যহস্তীৰ জাকে চলাই আহিছে উপদ্ৰৱ ৷ তহিলং কৰিছে খেতি পথাৰৰ লগতে শস্য ৷

ইফালে প্ৰত্যেক দিনাই বন্যহস্তীৰ জাক চাবলৈ শতাধিক গাঁওবাসী ওলাই আহে বৃহত্তৰ বন্দাপাৰা অঞ্চললৈ ।

ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰত্যেক দিনাৰ দৰে শুকুৰবাৰে বিয়লি পথাৰলৈ কোলাত দুবছৰীয়া কন্যাক লৈ বন্যহস্তীৰ জাকটো চাবলৈ আহিছিল ২ নং দক্ষিণ ছেখাদাৰীৰ মালবিকা দৈমাৰী(২৫) য়ে । বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰাৰ পাছত কণমানি কন্যা আৰ্বি দৈমাৰী(২)ক লৈ ঘৰলৈ উভতি গৈছিল মালবিকা ৷ কিন্তু তাতেই ঘটে অঘটনটো ৷

কিয়নো বন্যহস্তীৰ জাকটো খেদিবলৈ মৰা গুলীয়ে বুকুত ভেদ কৰিলে দুবছৰীয়া আৰ্বি দৈমাৰীৰ ৷ বনকৰ্মীৰ গুলীত থিতাতে নিহত হয় আৰ্বি ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় মাতৃ মালবিকা দৈমাৰী ৷ ফলত উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলতো ৷

কন্যা শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহত্তৰ বন্দাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ক্ষোভিত ৰাইজে । ফলত বিঘ্নিত হৈ পৰে যাতায়াত ব্যৱস্থা । আনকি আৰক্ষীয়ে বাধা আৰোপ কৰাত ক্ষুব্ধ ৰাইজে বাক-বিতণ্ডাতো লিপ্ত হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হৈছে চিআৰপিএফ বাহিনী ।

পৰৱৰ্তী সময়ত বন্দাপাৰাত উপস্থিত হয় ডিএফঅ' ডিম্পী বৰা, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজ বৰুৱা, বৰ্ডাৰ ডিএচপি আৰু বকো আৰক্ষীৰ দল । স্থানীয় ৰাইজে ডিএফঅ' ডিম্পী বৰাসহ বন বিষয়া-কৰ্মচাৰীক বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয় (Bondapara Forest Office)ত আৱদ্ধ কৰি ৰাখে ।

আনহাতে, শুকুৰবাৰে পুৱতি নিশা বন্দাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয় । আঘাতপ্ৰাপ্ত যুৱকজন সঞ্জয় দাস (৩০) বুলি জানিব পৰা গৈছে । খেতিপথাৰৰ পৰা অহা বনৰীয়া হাতীৰ এটা জাক খেদিবলৈ গৈছিল ৰাইজে । কিন্তু জাকৰ পৰা ফালৰি কাটি অহা হাতীয়ে আক্ৰমণ কৰে সঞ্জয় দাসক ।

লগতে পঢ়ক : Man elephant conflict : সোণাৰিৰ অসম নাগালেণ্ড সীমান্তত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.