গুৱাহাটী,25ছেপ্টেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন এক দায়িত্বজ্ঞানহীন কাণ্ড । এইবাৰ মহানগৰীৰ জালুকবাৰী গোটানগৰ মহৰ্ষি পথত উদ্ধাৰ প্ৰায় পাঁচ শতাধিক আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড । মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ সমীপৰ এখন চাহ দোকানৰ ওচৰৰ জাৱৰৰ দমত কোনো দুৰ্বৃত্তই পেলাই থৈ যায় এই কাৰ্ডসমূহ । অঞ্চলটোত ভাড়াতীয়া হিচাপে থকা কণমানি শিশুয়ে খেলি থকাৰ সময়ত স্থানীয় লোক তথা বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে এই কাৰ্ড সমূহ প্ৰত্যক্ষ কৰি সংবাদ মাধ্যমক খবৰ দিয়ে । উল্লেখ্য যে এই আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ডসমূহ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি অঞ্চলৰ লোকসকলৰ । আনহাতে নিশাৰ ভিতৰত এই কাৰ্ডসমূহ এনেদৰে মহৰ্ষি পথৰ জাৱৰৰ দমত পৰি থকা ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।
আয়ুস্মান ভাৰতৰ কাৰ্ড ওলাল জাৱৰৰ দমত - আয়ুস্মান ভাৰত
জাৱৰৰ দমত উদ্ধাৰ জালুকবাৰী সমষ্টিৰ দৰিদ্ৰ জনতাৰ আয়ুস্মান ভাৰতৰ কাৰ্ড ৷ মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ সমীপৰ এখন চাহ দোকানৰ ওচৰৰ জাৱৰৰ দমত কোনো দুৰ্বৃত্তই পেলাই থৈ যায় এই কাৰ্ডসমূহ ।