ETV Bharat / state

চতুৰ্থখন টি-২০ মেচৰ বাবে গুৱাহাটীৰ পৰা ৰায়পুৰত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ দল - আন্তঃৰাষ্ট্ৰীয় টি ২০ মেচ

চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচৰ বাবে ৰায়পুৰত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল ৷ বুধবাৰে বিয়লি গুৱাহাটীৰ পৰা ৰায়পুৰলৈ ৰাওনা হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টি-২০ ৰ ক্ৰিকেট দল দুটা । বিমান বন্দৰত দুয়োটি দলৰ ক্ৰিকেটাৰসকলক চাবলৈ ভিৰ কৰে অনুৰাগীসকলে ।

India-Australia Cricket Team Return from assam
চতুৰ্থখন টি-২০ মেচৰ বাবে গুৱাহাটীৰ পৰা ৰায়পুৰত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ দল
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:21 PM IST

চতুৰ্থখন টি-২০ মেচৰ বাবে গুৱাহাটীৰ পৰা ৰায়পুৰত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ দল

মিৰ্জা, ৩০ নৱেম্বৰ: ছত্তিশগড়ৰ ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শুকুৰবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ অনুষ্ঠিত হ’ব । চতুৰ্থ টি-২০ খেলৰ বাবে ইতিমধ্যে ৰায়পুৰত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল । ৫খন খেলৰ শৃংখলাত ইতিমধ্যে ভাৰতে ২-১ ত অগ্ৰগতি লাভ কৰি আছে ৷ প্ৰথম দুখন খেলত জয়লাভ কৰাৰ পাচত মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পাচত বুধবাৰে বিয়লি গুৱাহাটীৰ পৰা ৰায়পুৰলৈ ৰাওনা হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টি-২০ ৰ ক্ৰিকেট দল দুটা ।

দুয়োটা দলে বিশেষ বিমানযোগে একেলগে ৰায়পুৰলৈ বুলি ৰাওনা হয় । বিমান বন্দৰত দুয়োটি দলৰ ক্ৰিকেটাৰসকলক চাবলৈ ভিৰ কৰে অনুৰাগীসকলে । অষ্ট্ৰেলিয়াই গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখনত বিজয়ী হৈ শৃংখলা দখলৰ আশা পুহি ৰাখিছে যদিও ইয়াৰ বাবে শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হ’বলগা খেলখনত দলটো বিজয়ী হ’ব লাগিব । আনহাতে ভাৰতীয় দলে শৃংখলা জয়ৰ উদ্দেশ্যেৰে এই মেচখনত অৱৰ্তীণ হ’ব । উল্লেখ্য যে, চতুৰ্থ টি-২০ মেচৰ পূৰ্বে ২০২৩ৰ বিশ্বকাপৰ দলত থকা সোঁহতীয়া বেটছমেন শ্ৰেয়স আয়াৰে প্ৰত্যাৱৰ্তন কৰাৰ ওপৰি বিবাহপাশত আৱদ্ধ হোৱা বেগী বলাৰ মুকেশ কুমাৰেও দলটোত যোগদান কৰিব ।

শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰিসংখ্যা:

ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ ষ্টেডিয়ামত এতিয়ালৈকে মাত্ৰ এখনহে আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে । চলিত বৰ্ষৰ আৰম্ভণিতে খেলা এই একমাত্ৰ এদিনীয়া মেচখন ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল । প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ দলটোৱে ১০৮ ৰানৰ স্ক’ৰত অল আউট হৈছিল আৰু ভাৰতে ২০.১ অভাৰত এই সামান্য লক্ষ্য অৰ্জন কৰি জয়লাভ কৰিছিল । এই খেলখনত ১৮ ৰানত ৩টা উইকেট দখল কৰা ভাৰতীয় বেগী বলাৰ মহম্মদ শ্বামীয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় ।

টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ঋতুৰাজ গায়কৱাড়, ঈশান কিষণ, শ্ৰেয়স আয়াৰ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, শিৱম দুবে, ৰবি বিষ্ণই, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আবেশ খান, মুকেশ কুমাৰ ৷

টি-২০ ছিৰিজৰ বাবে অষ্ট্ৰেলিয়াৰ দল: মেথিউ ৱেড (অধিনায়ক), ট্ৰেভিছ হেড, এৰন হাৰ্ডি, জেছন বেহৰেণ্ডৰ্ফ, টিম ডেভিড, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, ক্ৰিছ গ্ৰীণ, বেন মেকডাৰমট, জছ ফিলিপ, তনবীৰ সাংঘা, মেট শ্বৰ্ট, কেন ৰিচাৰ্ডছন ।

লগতে পঢ়ক: 28 নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয়খন T-২০ মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.