ETV Bharat / state

বিমান অথবা ৰে'লযাত্ৰীৰ বাবে পৰিবহণ বিভাগৰ বিশেষ ব্যৱস্থা - সংবাদ মাধ্যম

বিমান অথবা ৰে'লযাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যিক পৰিবহণ বিভাগে ৷ কামৰূপ জিলাৰ 22 খন আৰক্ষী চকীত ইতিমধ্যে বিভাগটোৱে প্ৰদান কৰিছে একোখনকৈ এ.এছ.টি.চি বাছ ৷ যাৰ জৰিয়তে যাত্ৰীসকলে সুকলমে নিজ নিজ গৃহ বা গন্তব্য স্থানলৈ যাব পাৰিব ৷

ASTC chairmen visit airport
ASTC chairmen visit airport
author img

By

Published : Jun 29, 2020, 6:59 PM IST

আজাৰা, 29 জুনঃ লক ডাউনৰ পৰিপ্ৰেক্ষিতত মহানগৰী অথবা অন্য জিলাৰ কোনো লোকে যদি বিমান অথবা ৰে'লযোগে আন ঠাইলৈ যাবলগীয়া হয়, তেন্তে সেই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ কামৰূপ জিলাৰ 22 খন আৰক্ষী চকীত ইতিমধ্যে বিভাগটোৱে প্ৰদান কৰিছে একোখনকৈ এ.এছ.টি.চি বাছ ৷ যাৰ জৰিয়তে পূৰ্বৰ পৰাই ৰে'ল আৰু বিমানৰ টিকট বুকিং কৰি থোৱা যাত্ৰী সকলে নিকটবৰ্তী আৰক্ষীৰ লগত যোগাযোগ কৰি সেই সেৱা গ্ৰহণ কৰিব পাৰিব ৷

বিমান অথবা ৰে'লযাত্ৰীৰ বাবে পৰিবহণ বিভাগৰ বিশেষ সেৱা

ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এই সেৱাৰ লগত জড়িত লিংক আৰু হোৱাছ্এপ নম্বৰ প্ৰদান কৰা হৈছে ৷ ৰে'ল আৰু বিমান যাত্ৰী সকলৰ যাতে এই লক্ ডাউনৰ বাবে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোক যাতে সুকলমে নিজ-নিজ গৃহ বা গন্তব্য স্থানলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ ইতিমধ্যেই বহিঃৰাজ্যৰ পৰা অহা 1 লক্ষাধিক লোকক বিভাগীয় কৰ্তৃপক্ষই এই সেৱাযোগে ভিন্ন জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ হাইলাকান্দিত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.