ETV Bharat / state

ৰে'ল বিভাগত থলুৱা প্ৰাৰ্থীক নিযুক্তিৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Jun 28, 2021, 7:38 PM IST

ভাৰতীয় ৰে'ল বিভাগত অসমৰ থলুৱা যুৱক-যুৱতীক নিযুক্তি দিয়ক ৷ এই দাবীৰে ৰঙিয়াত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কামৰূপ জিলা ছাত্ৰ সন্থাই ৷ ৰে'লমন্ত্ৰী পীযুষ গোৱেলৰ প্ৰতিমূৰ্তি দাহ ৷

Kamrup District Students union
ৰে'ল সেৱাত অসমৰ থলুৱাক নিযুক্তিৰ দাবীত ৰঙিয়া আছুৰ প্ৰতিবাদ

ৰঙিয়া, 27 জুন : ৰে'ল বিভাগৰ বিৰুদ্ধে সোমাবাৰে ৰঙিয়াত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থাই ৷ ৰে'ল বিভাগে অসমৰ থলুৱা শিক্ষিত যুৱক-যুৱতী বঞ্চনা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কামৰূপ জিলাৰ আছুৱে ৷ ৰঙিয়াৰ মাণ্ডলিক ৰে'ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ৰে'লমন্ত্ৰী পীযুষ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে কামৰূপ জিলাৰ আছুৱে ৷

হাতে হাতে প্লে'কাৰ্ড লৈ শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷ কামৰূপ জিলাৰ আছুৰ অভিযোগ অনুসৰি ভাৰতীয় ৰে'ল বিভাগে প্ৰতিবছৰে অসমৰ থলুৱা শিক্ষিত যুৱক-যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত কৰি আহিছে ৷ ইয়াৰ বিপৰীতে ৰে'ল বিভাগে বহিঃৰাজ্যৰ যুৱক-যুৱতীক অসমত নিযুক্তি দিছে বুলি অভিযোগ উত্থাপন কৰিছে কামৰূপ জিলাৰ আছুৱে ৷

উল্লেখ্য যে, শেহতীয়া কৈ ৰঙিয়াকে ধৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত মুঠ ১৮০ টা পদত বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়া হৈছে । থলুৱা নিবনুৱাক বঞ্চনা কৰি এনেদৰে বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াকলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

কামৰূপ জিলাৰ ছাত্ৰ সন্থাৰ উপদষ্টা হেমন্ত দাসে কয়, ভাৰতীয় ৰে'ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে অসমৰ সাংসদ সকলে দিল্লীত মাত মতাৰ প্ৰয়োজন আছে ৷ অসমৰ বহু শিক্ষিত যুৱক-যুৱতীক ৰে'ল সেৱাৰ নিযুক্তিৰ পৰা বঞ্চিত কৰি দিল্লীয়ে অসমক এক প্ৰকাৰে গুৰুত্বহীন কৰি তুলিছে ৷ এনে পৰিপেক্ষিতত ৰে'ল বিভাগত তৃতীয় আৰু চতুৰ্থ পদত 100 শতাংশ অসমৰ থলুৱা নিবনুৱাক নিযুক্তি দিবলৈ দাবী জনাই কামৰূপ জিলাৰ ছাত্ৰ সন্থাৰ উপদষ্টা হেমন্ত দাসে ৷

লগতে পঢ়ক: ৰঙিয়াত প্ৰতিষেধকৰ নাটনি: হাহাকাৰ স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.