কামৰূপ, ৩০ এপ্ৰিলঃ কামৰূপ জিলা সদৰ আমিনগাঁৱৰ সাংবাদিক সকলৰ কষ্ট আৰু ত্যাগক সন্মান জনাই একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই । ইয়াৰোপৰি বৃহস্পতিবাৰে প্ৰতিজন সাংবাদিক সকলক মাস্ক আৰু চেনিটাইজাৰৰ বটল উপহাৰ দিয়ে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ।
এই লক ডাউনৰ সময়তো সাংবাদিক সকলে নিজৰ নিৰাপত্তাৰ কথা নাভাবি দিনে-নিশাই জনসাধৰণক সেৱা আগবঢ়াই যোৱা কাৰ্যৰ শলাগ লয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ।
আনহাতে, সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰকাশ দাস, তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ ডেকা, সম্পাদক হেমন্ত দাস, সাংগঠনিক সম্পাদক দিপাঙ্কৰ শৰ্মাকে আদি কৰি কামৰূপ জিলাৰ বিষয়ববীয়াসকল ।