ETV Bharat / state

কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অসমীয়া ভাষাক অৱমাননা

author img

By

Published : Jul 11, 2021, 1:40 PM IST

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জাতীয় সংগীতেৰে চৰকাৰী কাৰ্যসূচী মুকলি কৰিব বিচাৰিছে সেই সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিতে অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

AMINGAON KAMRUP DC
কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অসমীয়া ভাষাক অৱমাননা

বাইহাটা, 11 জুলাই : কামৰূপ জিলা (KAMRUP DISTRICT) উপায়ুক্ত কাৰ্যালয়ৰ নাম ফলক অসমীয়াত নিলিখাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ গুৱাহাটী সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাই (ALL ASSAM STUDENT UNION) ৷ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জাতীয় সংগীতেৰে চৰকাৰী কাৰ্যসূচী মুকলি কৰিব বিচাৰিছে সেই সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিতে অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উক্ত ঘটনাটোৰ পাচেত কামৰূপ জিলা উপায়ুক্তৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন ৷ সম্প্ৰতি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নাম ফলক অসমীয়াত নিলিখাৰ বাবে জিলাখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে । উল্লেখযোগ্য যে, কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়টো উত্তৰ পূৱৰ ভিতৰতে প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয় হিচাপে গঢ় দিয়া হৈছিল ।

কিন্ত অতি দুৰ্ভাগ্যজনকভাৱে উপায়ুক্ত কাৰ্যালয়টোৰ নামফলক খন অসমীয়াত লিখাৰ পৰিৱৰ্তে ইংৰাজীতে ‘INTEGRATED DISTRICT OFFICE’ হিচাপে লিখা হৈছে । যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ গুৱাহাটী সাহিত্য সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।

তাৰ পাচতে জাতীয় সংগঠন দুটাই উপায়ুক্ত কাৰ্যালয়ৰ নামফলকখন অসমীয়াত লিখাৰ বাবে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকক দাবী জনাইছে । উত্তৰ গুৱাহাটী সাহিত্য সভাৰ সম্পাদক মধুসূধন মেধিয়ে নামফলকখন অসমীয়াত নিলিখাৰ বিষয়টো অসমীয়া ভাষাৰ প্ৰতি চূড়ান্ত অপমান বুলি মতপোষণ কৰিছে । উপায়ুক্তগৰাকীক উপায়ুক্ত কাৰ্যালয়টোৰ নামফলকখন শীঘ্ৰেই অসমীয়া ভাষাত সংহত উপায়ুক্ত কাৰ্যালয় হিচাপে লিখাৰ বাবে দাবী জনোৱা পৰিলক্ষিত হৈছে ।

লগতে উপায়ুক্ত কাৰ্যালয়টোত সংলগ্ন প্ৰতিটো কাৰ্যালয়ৰ নামো অসমীয়াত লিখাৰ বাবে উপায়ুক্তগৰাকীক দাবী জনায় সাহিত্য সভাই । আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসেও এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা প্ৰদান কৰি কয় যে, এয়া অসম আৰু অসমীয়াৰ বাবে চুড়ান্ত অপমান । শীঘ্ৰেই এইক্ষেত্ৰত জিলা উপায়ুক্ত গৰাকীয়ে উচিত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মত প্ৰকাশ কৰে।

লগতে পঢ়কঃ অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.