ETV Bharat / state

আগন্তুক ৩ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

author img

By

Published : Jun 26, 2020, 1:57 AM IST

বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি আগন্তুক ৩ দিনলৈ অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে । এই সতৰ্কতা Orange আৰু Yellow দুটা শিতানৰ জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

আগন্তুক ৩ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
আগন্তুক ৩ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

আজাৰা, 26 জুনঃ অসমত কৰ'ণাৰ ত্ৰাস অব্যাহত থকাৰ সমান্তৰালভাৱে এতিয়া পুনৰ এক বিপদে দেখা দিছে ৰাজ্যত । ৰাজ্যখনত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত দৈনিক বানত বুৰ গৈছে ন-ন অঞ্চল । ইয়াৰ ফলত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বান প্লাৱিত অঞ্চল সমূহত । ইয়াৰ মাজতেই বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক সতৰ্কতা । সেই অনুসৰি বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি আগন্তুক ৩ দিনলৈ অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে ।

এই সতৰ্কতা Orange আৰু Yellow দুটা শিতানৰ জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

অহা ২৬ জুনত পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাও, বৰপেটা, দৰং, ওদালগুৰি, হোজাই, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কামৰূপ, কামৰূপ(মহানগৰ), নলবাৰী, নগাও, যোৰহাট, শিৱসাগৰ, মাজুলিকে ধৰি কেইবাখনো জিলা আৰু অৰণাচল, নাগালেণ্ড, মণিপুৰৰ ঠাই বিশেষে বৰষুণ অহাৰ সম্ভাৱনা আছে ।

একেদৰে ২৭ তাৰিখেও বাক্সা,বৰপেটাত প্ৰৱল বৰষুণ অহাৰ লগতে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাও, বৰপেটা, দৰং, ওদালগুৰি, হোজাই, কাছাৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, নলবাৰী, নগাও, মাজুলী, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁৱকে ধৰি কেইবাখনো জিলা আৰু অৰুণাচল, মিজোৰাম, মণিপুৰত ঠাই বিশেষে কম-বেছি পৰিমানে বৰষুণ দিয়াৰ সম্ভাৱনা আছে ।

আনহাতে ২৮ তাৰিখেও বৰপেটা,বঙাইগাঁও, ওদালগুৰি, দৰং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দিকে ধৰি কেইবাখনো জিলা আৰু নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচলত কম-বেছি পৰিমানে বৰষুণ দিয়াৰ সম্ভাৱণা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

এই বৰষুণৰ ফলত বৰ্তমানৰ বান পৰিস্থিতিয়ে অধিক সংহাৰী ৰূপ ধাৰণ কৰাৰ আংশকা কৰা গৈছে ।

লগতে পঢ়কঃ লাউড স্পীকাৰেৰে শিক্ষাদান ঝাৰখণ্ডৰ এজন শিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.