গুৱাহাটী,১৬ মেঃ গুৱাহাটী শৰাইঘাট দলঙৰ মেৰামতিৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২০ জুনৰ আগতেই নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
শৰাইঘাটৰ পুৰণি দলংখন মেৰামতিৰ বাবে ৰে'ল বিভাগক দায়িত্ব দিছিল। ইতিমধ্যে দলঙৰ মেৰামতিৰ কাম ৫০% সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে যদিও মুখ্যমন্ত্ৰীয়ে দলংখনৰ মেৰামতিৰ বুজ লৈ ১৫ মে'ৰ ভিতৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে । কিন্তু এতিয়ালৈ মাত্ৰ ৫০% কামহে সম্পূৰ্ণ হৈছে। এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্ধাৰণ কৰি দিয়া সময়মতে মেৰামতি কাম সম্পূৰ্ণ কৰিব পাৰিবনে ৰে'ল বিভাগে,সেই লৈ এক ডাঙৰ প্ৰত্যাহ্বান ৰে'ল বিভাগৰ।
লগতে আন এটা বাতৰি - মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ