ৰঙিয়া, 29 নৱেম্বৰ : অসমীয়া আৰু বাঙালী ভাষাক লৈ শেহতীয়াকৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সাহিত্য সভা(Assam Sahitya Sabha reaction on language controversy )ৰ সভাপতি কুলধৰ শইকীয়াই ৷ উল্লেখ্য যে, অসম সাহিত্য সভাই জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ এঘাৰ সংখ্যক মৃত্যু বাৰ্ষিকী(Death anniversary of Mamoni Raisom Goswami)ৰ উপলক্ষ্যে সোমবাৰে ৰঙিয়াত স্মৃতি দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰে ৷ এই কাৰ্যসূচীত স্বনামধন্য সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ গ্ৰন্থ আৰু কৰ্মৰাজিৰ ওপৰত মনোজ্ঞ আলোচনা কৰা হয় ।
সভাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই দুই-চাৰিজন ব্যক্তিয়ে সম্প্ৰীতিৰ বিৰুদ্ধে কাম কৰা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি ভাষা আইনৰ বিধি-বিধানৰ জৰিয়তে এনে সংঘাত দূৰ কৰিব পৰা যাব বুলি মন্তব্য কৰে । তেওঁ ৰাইজৰ সুস্থিৰ সহযোগিতাৰ জড়িয়তে এনেধৰণৰ সংঘাটৰ অৱসান ঘটাই এক সম্প্ৰীতিৰ বাতাৱৰণ (The Atmosphere of Harmony) সৃষ্টি কৰিব পৰা যাব বুলি উল্লেখ কৰে । তেওঁ লগতে এনেদৰে অসমীয়া ভাষাক আৰু অধিক বিকাশ কৰা(Further development of Assamese language)ত সহায়ক হ’ব বুলি মন্তব্য কৰে ।
তেওঁ সাহিত্য সভাৰ এই কাৰ্যসূচীত উঠি অহা প্ৰজন্মই অংশগ্ৰহণ কৰাটো এক শুভ লক্ষণ বুলি মত প্ৰকাশ কৰে ৷ কুলধৰ শইকীয়াই অসমীয়া সাহিত্যৰ ডিজিটেলাইজেছন(digitization of Assam Sahitya Sabha) কৰা সন্দৰ্ভত কয় যে অসম সাহিত্য সভাই এই ক্ষেত্ৰত এটা প্ৰকল্প গ্ৰহণ কৰিছে । বিশেষকৈ পুৰণি গ্ৰন্থৰাজি সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে । মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি পুৱা পতাকা উত্তোলনেৰে কৰা হয় ।
আলোচনা সভাৰ সভাপতি অকণ ডেকাই পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । ইয়াৰ পাছতেই অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰী, ড৹ উমেশ ডেকা, অপূৰ্ব কুমাৰ শইকীয়া, থানেশ্বৰ মালাকাৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : আৰম্ভ হৈছে অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰা ষড়যন্ত্ৰ : Rajya Sabha MP অজিত ভূঞা