গুৱাহাটী , 5 জুন : ৰাজ্যৰ সচিবালয়ৰ পৰায়েই চৰকাৰী ভাষা প্ৰয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান অসম সাহিত্য সভাৰ ।বুধবাৰে অসম সাহিত্য সভা ভৱনত এক সংবাদমেলত সম্বোধন কৰি এই আহ্বান জনায় সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।
সভাপতি গৰাকীয়ে আৰু কয় যে বাৰে বাৰে অসম সাহিত্য সভাই প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত 100 নম্বৰৰ ভিতৰত 50 নম্বৰ অসমীয়া ভাষাৰ ব্যৱহাৰৰ বাবে দাবী তুলি আহিছে ।লগতে চ'ল' পাল্টাইৰ নামত বিষবাস্প বিয়পোৱা তথাকথিত সকলক ধিক্কাৰ দিয়ে সাহিত্য সভাই । ইয়াৰ উপৰিও 2019 চনৰ লোকপিয়লত চাহ বাগানৰ লোকসকলে অসমীয়া ভাষা মাতৃ ভাষা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বুলি প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ।
বিশ্ববিদ্যালয়,মহাবিদ্যালয় আৰু সকলো শিক্ষানুষ্ঠানতে ভাষা নীতি অনুসৰি অসমীয়া, বড়ো,আৰু বাংলা ভাষাৰ প্ৰয়োগ কৰাৰো আহ্বান জনাই । অসমৰ সকলো শিক্ষানুষ্ঠানৰ কাম কাজ,প্ৰয়োজনীয় নিৰ্দেশ আদি ইংৰাজীৰ লগতে চৰকাৰী ভাষা অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে সাহিত্য সভাই আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভতো মুখ্য সচিবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়ববীয়াক নিৰ্দেশ দিছে বুলি সংবাদমেলত সদৰী কৰে সভাপতিগৰাকীয়ে ।এই ক্ষেত্ৰত সাহিত্য সভাই বান্ধি দিছে এটা মাহৰ সময়সীমা ।শিক্ষানুষ্ঠান সমূহে যদি অসমীয়া ভাষাৰ লগতে খিলঞ্জীয়া ভাষাত গুৰুত্ব নিদিয়ে তেন্তে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ নাম লৈ ইউ জি চিৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ দাবী জনাব অসম সাহিত্য সভাই ৷