ETV Bharat / state

নষ্ট হ’ল ভোট : বেলট পেপাৰত 'one' লিখিলে কংগ্ৰেছ নেতাই !

ৰাজ্যসভা নিৰ্বাচনত জ্যেষ্ঠ কংগ্ৰেছ নেতাই বেলট পেপাৰত লিখিলে 'one' (congress loses vote of own MLAs )। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদে ইচ্ছাকৃতভাৱে তেওঁৰ ভোট বাতিল কৰি বিজেপিৰ প্ৰাৰ্থী জয়ৰ বাট মুকলি কৰি দিয়াৰ উত্থাপন হৈছে অভিযোগ ।

assam-rajya-sabha-election-congress-loses-vote-of-own-mlas
নষ্ট হ’ল ভোট : বেলট পেপাৰত 'one' লিখিলে কংগ্ৰেছ নেতাই !
author img

By

Published : Mar 31, 2022, 3:23 PM IST

গুৱাহাটী, ৩১ মাৰ্চ : ৰাজ্যসভাৰ নিৰ্বাচনত নতুন মোৰ (Assam Rajya sabha election 2022) । অভিযোগ প্ৰতি অভিযোগৰ মাজতে পোহৰলৈ আহিছে আন এক তথ্য । বৰাকৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ ভোট বাতিল হ'ব বুলি জানিব পৰা গৈছে। যাক লৈ কংগ্ৰেছৰ ভিতৰত ধুমুহাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত অতি ঘনিষ্ঠ আৰু যাক লৈ চৰ্চা চলিছে।

কংগ্ৰেছৰ এক বিশ্বস্ত সূত্রই জনোৱা মতে বৰাকৰ এই জ্যেষ্ঠ কংগ্ৰেছী বিধায়কগৰাকী হৈছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ । তেওঁ বেলট পেপাৰত 'one' লিখা বুলি জানিব পৰা গৈছে । যাৰ বাবে তেওঁৰ ভোট বাতিল হ'ব । ইফালে নিৰ্বাচনৰ মাজতে মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপি মিত্রজোঁটে ৭ গৰাকী কংগ্ৰেছ বিধায়কৰ ভোট লাভ কৰিছে বুলি মন্তব্য কৰিছিল ।

assam rajya sabha election congress loses vote of own mlas
কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে

মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই মন্তব্যৰ মাজতে বৰাকৰ এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ বিধায়কৰ ভোট নষ্ট হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । চৰ্চা চলিছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত এইগৰাকী কংগ্ৰেছী বিধায়কে ইচ্ছাকৃতভাৱে তেওঁৰ ভোট বাতিল কৰি বিজেপিৰ প্ৰাৰ্থী জয়ৰ বাট মুকলি কৰি দিছে । বিজেপিয়ে অভিযোগ কৰা মতে কংগ্ৰেছৰ কেইবাটাও ভোট বাতিল হ'ব ।

ইফালে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ ‍আগত কয় যে কংগ্ৰেছৰ ৭ টা ভোট পৰিছে মিত্ৰজোঁটৰ পক্ষত । এই কথা পীযুষ হাজৰিকা আৰু দিগন্ত কলিতাই তেওঁক জনাইছে বুলি সদৰি কৰে । তেওঁ কয় যে ৯-১০টা ভোটৰ ব্যৱধানত জয়ী হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী (CM Himanta on BJP winning rajya sabha election)। কংগ্ৰেছৰ দুজন বিধায়কে বেলট ফলাৰ উপৰি এজনে আখৰেৰে 'one' লিখিছে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে আৰু কিছু সময় পাছতে সকলো অভিযোগ প্ৰতি অভিযোগ স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক : Rajya Sabha Election 2022 : ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.