ETV Bharat / state

উপ নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা ৰিপুন বৰাৰ

চাৰিটা সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে সকলো বিৰোধী মিলি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ বাবে কংগ্ৰেছে চেষ্টা কৰিব ৷ কংগ্ৰেছ দল সদায় বিজেপিৰ বিৰুদ্ধে সকলোৱে মিলি এজন উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পক্ষত আছে এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ (APCC) সভাপতি ৰিপুন বৰাই ৷

author img

By

Published : Jul 11, 2021, 4:54 PM IST

assam-pradesh-congress-gears-up-for-bypolls
উপ নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা ৰিপুন বৰাৰ

গুৱাহাটী, 11 জুলাই : ইজনৰ পিছত সিজনকৈ গুৰুত্বপূৰ্ণ নেতাই দল ত্যাগ কৰাৰ পাছত চৰম সংকটত পৰিছে অসম প্ৰদেশ কংগ্ৰেছ (Assam pradesh Congress) তথা প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ৷ শেহতীয়া বিধানসভা নিৰ্বাচনৰ (Assam Assembly Election 2021) ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা যেন ক্ৰমাৎ অধিক ভাঙুনমুখী হৈছে অসম প্ৰদেশ কংগ্ৰেছ (Assam pradesh Congress) ৷ ইয়াৰ মাজতে ৰাজ্যৰ চাৰিটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচন (By Election)ৰ বাবে প্ৰস্তুতি চলাইছে অসম প্ৰদেশ কংগ্ৰেছে ৷ যিকোনো প্ৰকাৰে সমষ্টি কেইটাত নিজৰ প্ৰাৰ্থী জয় কৰোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দলৰ নেতৃবৃন্দই ৷

ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Ripun Bora) কয় যে, "কংগ্ৰেছে আৰম্ভণিৰ পৰাই বিৰোধী ঐক্যবদ্ধ হোৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আহিছে ৷ যাৰ বাবেই মহাজোঁট গঠন কৰিছিল ৷ বিজেপিক প্ৰতিহত কৰাৰ বাবে সকলো একজোঁট হোৱাটো কংগ্ৰেছ দলেও বিচাৰে ৷ আমি বিজেপি বিৰোধী সকলোকে এটা মঞ্চত বিচাৰিছো ৷"

আনহাতে, সমষ্টি কেইটাত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Ripun Bora) ৷ উপ-নিৰ্বাচনত সকলো বিৰোধী মিলি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ বাবে কংগ্ৰেছে চেষ্টা কৰিব বুলি জনালে বৰাই ৷ লগতে কংগ্ৰেছ দল, বিজেপিৰ বিৰুদ্ধে সকলোৱে মিলি এজন প্ৰাৰ্থী দিয়াৰ পক্ষত আছে বুলি মন্তব্য কৰি গোটেই বিষয়টো আমি দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্তত উপনীত হ'ম বুলি মন্তব্য কৰিছে ৰিপুন বৰাই ৷

ইফালে, সমষ্টি কেইটাত কিদৰে প্ৰাৰ্থী দিয়া হ'ব সেইয়া বৰ্তমান সময়ত কোৱাটো কঠিন বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ লগতে অসম জাতীয় পৰিষদ, ৰাইজৰ দল সকলো একেলগ হোৱাটো ভাল বুলিও মন্তব্য কৰি আমি সকলো মিলি নিৰ্বাচন খেলাটো চিন্তা কৰিছো বুলি মন্তব্য কৰিছে সভাপতি গৰাকীয়ে৷ এইক্ষেত্ৰত আমি সকলোৰে লগত আলোচনা কৰিম বুলিও উল্লেখ কৰিলে বৰাই ৷ আনহাতে ৰূপজ্যোতি কুৰ্মী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ বিধায়ক হৈছিল বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

লগতে পঢ়কঃবিকল্প মূল্যায়নৰ মাৰ্কশ্বীট সন্দৰ্ভত বিলাসীপাৰাত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.