ETV Bharat / state

বকোত অখিল গগৈৰ মুক্তিৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদৰ প্ৰতিবাদ - assam miya parishad

সোমবাৰে বকোৰ সোণতলীত সৰ্বানন্দ সোণাৱাল নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম মিঞা (অসমীয়া) পৰিষদে ৷ অখিল গগৈৰ মুক্তিৰ দাবীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷

বকো
বকোত অখিল গগৈৰ মুক্তিৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Aug 4, 2020, 7:44 AM IST

কামৰূপ,4 আগষ্টঃ বকোৰ সোণতলীৰ জাওঁকাটাত অসম মিঞা (অসমীয়া) পৰিষদৰ উত্তাল প্ৰতিবাদ ৷ জাওঁকাটা কলহীৰ পাৰ আঞ্চলিক বজাৰ প্ৰাংগণত বজাৰ ক্লাৱ আৰু বজাৰ পৰিচালনা সমিতিৰ সহযোগত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, লাফিকুল হত্যাৰ ন্যায় লাগে, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,সৰ্বানন্দ সোণোৱাল হায় হায়,কা আমি নামানো,অসম চৰকাৰ হায় হায়,মিঞা পৰিষদ জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ ৷

বকোত অখিল গগৈৰ মুক্তিৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদী কাৰ্যসূচীটোৰ জৰিয়তে অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে অখিল গগৈৰ মুক্তি,লাফিকুলৰ হত্যাকাৰাক আটক আৰু ন্যায় বিচাৰ প্ৰদান লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.