ETV Bharat / state

Students Day: বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোক ছাত্ৰ দিৱস হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে

বড়ো ছাত্ৰনেতা তথা বড়োসকলৰ পিতৃখ্যাত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ উপলক্ষে 31 মাৰ্চ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ’ব ছাত্ৰ দিৱস ৷ এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Assam govt observe Students Day) ৷

author img

By

Published : Mar 26, 2023, 10:53 PM IST

Assam govt to observe Bodo community leader's birthday on March 31 as the Students Day
বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোক ছাত্ৰ দিৱস হিচাপে ঘোষণা ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, 26 মাৰ্চ: বড়োসকলৰ পিতৃখ্যাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ উপলক্ষে 31 মাৰ্চ দিনটোক ছাত্ৰ দিৱস (Students Day) হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Dr Ranoj Pegu) ৷ সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি তথা এজন বড়ো ছাত্ৰনেতা আৰু ৰাজনৈতিক নেতা আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম (Bodofa Upendra Nath Brahma)৷

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে "ৰাজ্য চৰকাৰে ৩১ মাৰ্চত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে(Assam govt observe Students Day)। উপেন্দ্ৰ নাথ ব্ৰহ্ম বড়ো ছাত্ৰ আন্দোলনৰ নেতা আছিল। মাত্ৰ ৩৪ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ অৱদান কেৱল বড়ো সম্প্ৰদায়ৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ বাবেও গুৰুত্বপূৰ্ণ আছিল। সেয়েহে ৰাজ্য চৰকাৰে ৩১ মাৰ্চত তেওঁৰ জন্মদিন ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে ৷"

লগতে পেগুৱে কয় যে, ৩১ মাৰ্চত বহুতো কাৰ্যসূচী হাতত লোৱা হৈছে ৷ ছাত্ৰ সমাজৰ কল্যাণৰ বাবে আমাৰ বহুতো আঁচনি আছে। এই আঁচনিসমূহ অচিৰেই আৰম্ভ কৰা হ'ব, আৰু এখন সভাত এই আঁচনিসমূহৰ মুকলি কৰা হ’ব ৷ যোৱা বছৰ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sarma) ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে প্ৰতি বছৰে ৩১ মাৰ্চত ভাৰতীয় বড়ো সমাজকৰ্মী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো 'ছাত্ৰ দিৱস' হিচাপে উদযাপন কৰিব। কেবিনেট বৈঠকৰ পূৰ্বে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থল ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ছেপ্টেম্বৰত কোকৰাঝাৰৰ ডোটোমাত বডোফাৰ সমাধিস্থলত পুষ্পাঞ্জলি জ্ঞাপন কৰিছিল ৷

বিটিআৰ জ’নৰ জনসাধাৰণৰ সামাজিক-সাংস্কৃতিক আৰু শৈক্ষিক সৱলীকৰণৰ ক্ষেত্ৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ অপৰিসীম অৱদানৰ কথা বিবেচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত ১০ কোটি টকাৰ ব্যয়ৰে আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰিছিল।মুখ্যমন্ত্ৰীগৰাকীয়ে ডটোমাৰ বডোফাৰ বাসগৃহলৈও গৈছিল আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিছিল ৷

লগতে পঢ়ক: Samagra Shiksha Assam : ৰাজ্যৰ বিশেষভাৱে সক্ষম শিশুক প্ৰদান প্ৰয়োজনীয় আহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.