ETV Bharat / state

Swanirbhar Nari scheme : হস্ততাঁত বস্ত্ৰ শিল্প উদ্যোগৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ চৰকাৰৰ - Handloom textile industries

হস্ততাঁত বস্ত্ৰ শিল্পৰ উন্নয়ণৰ বাবে চৰকাৰী উদ্যোগত বিভিন্ন আঁচনি গ্ৰহণ ৷ ৩ মাৰ্চ পৰ্যন্ত পঞ্জীকৃত শিপিনীৰ পৰা প্ৰায় ৫,০৫, ৪৬,৮৩৫ টকাৰ ১,০০,৮৮৬ বিধ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ (Swanirbhar Nari scheme in Assam)।

Swanirbhar Nari scheme
হস্ততাঁত বস্ত্ৰ শিল্পৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ
author img

By

Published : Mar 21, 2023, 7:26 PM IST

গুৱাহাটী, ২১ মাৰ্চ : হস্ততাঁত বস্ত্ৰশিল্পৰ সৈতে অসমৰ অধিক সংখ্যক মহিলাই জড়িত ৷ পৰম্পৰাগতভাৱে অতীতৰ পৰাই বস্ত্ৰ শিল্পৰ সৈতে জড়িত হৈ আহিছে অসমৰ মহিলা । ২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত পিয়ল অনুসৰি অসমত ১২, ৮৩,৮৮১ গৰাকী শিপিনী শিল্পকৰ্মটোৰ সৈতে জড়িত হৈ আছে । তথ্য অনুসৰি দেশৰ ভিতৰতে অসমত সৰ্বাধিক শিপিনী আছে (Handloom industry of Assam)।

হস্ততাঁত বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি হস্ততাঁত বস্ত্ৰ শিল্পৰ উন্নয়ণৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে । শেহতীয়াভাৱে স্বনিৰ্ভৰ নাৰী নামেৰে এক আঁচনি ৰূপায়ণ কৰা হৈছে । অসমৰ ভিন্ন জাতি জনগোষ্ঠীয়ে পৰম্পৰাগত ভাৱে উৎপাদন কৰা ৩১ বিধ হস্ততাঁত সামগ্ৰী গামোচা ,আৰনাই, ডুমেৰ, পাজেৰ, পহো আদি কোনো মধ্যভোগী অবিহনে চৰকাৰে এই আঁচনি খনৰ জৰিয়তে পোনপটীয়াকৈ ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে (Swanirbhar Nari scheme in Assam) ।

যোৱা ২৩ জানুৱাৰীৰ পৰা অনলাইন পোৰ্টেল যোগে বস্ত্ৰ সমূহ ক্ৰয় কৰা হৈছে । ৩ মাৰ্চ পৰ্যন্ত পঞ্জীকৃত শিপিনীৰ পৰা প্ৰায় ৫,০৫, ৪৬,৮৩৫ টকাৰ ১,০০,৮৮৬ বিধ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰা হৈছে । আনহাতে, তাঁতশাল থকা ৪, ৮০, ০৮০ গৰাকী শিপিনীয়ে পোৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে । ক্ৰয় কৰা বস্ত্ৰ সমূহ আৰ্টেফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ বিভিন্ন শাখা তথা বিপণনৰ জৰিয়তে বিক্ৰী কৰা হ’ব । ইপিনে চৰকাৰে ৩১৫.৪৭ লাখ টকা ব্যয় সাপেক্ষে আদৰ্শ হস্ততাঁত উন্নয়ন আঁচনিৰ জৰিয়তে বাক্সা জিলাৰ ককলাবাৰীত আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠাৰ কাম হাতত লৈছে (Development of Handloom textile industries) ।

লগতে পঢ়ক : Padmashri awardee Hemaprava Chutia: হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা-শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয়

আঁচনি ৰূপায়ণৰ বাবে চলিত বৰ্ষত ১৫৭.৭২ লাখ টকা মোকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে । হস্ততাঁত শিল্পৰ জৰিয়তে দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে চৰকাৰে মুঠ ৫৮.১৭ কোটি টকা ব্যয় সাপেক্ষে সমন্বিত হস্ততাঁত পাৰ্ক এখন কাজিৰঙাত স্থাপনৰ প্ৰস্তাৱো লোৱা হৈছে । আনহাতে সমৰ্থ আঁচনিৰ জৰিয়তে যুৱক যুৱতীক উন্নত কাৰিকৰী কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । তাৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত ৬৪ টা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.