ETV Bharat / state

Assam CM on Rahul Gandhi issue; ৰাহুল গান্ধীৰ বিৰুদ্ধে চৰকাৰে নহয় ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিছে : মুখ্যমন্ত্ৰী

author img

By

Published : Mar 26, 2023, 10:07 PM IST

সৰ্বত্ৰে চৰ্চা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ প্ৰসংগ ৷ এইবাৰ এই সন্দৰ্ভত ৰাজ্যত কংগ্ৰেছে চলোৱা প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reacts on Rahul Gandhi disqualification issue)।

Assam CM reacts on Rahul Gandhi disqualification issue
ৰঙিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰঙিয়া, 26 মাৰ্চ : ‘‘ৰাহুল গান্ধীৰ বিৰুদ্ধে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ব্যৱস্থা গ্ৰহণ কৰিছে ন্যায়পালিকাই আৰু ন্যায়ালয়ৰ বিৰুদ্ধে ৰাস্তাত নামি প্ৰতিবাদ কৰো তেতিয়া হ’লে দেশত সাংবিধানিক ব্যৱস্থা নাথাকিব । মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক যদি নিম্ন আদালতত কিবা ভুল হোৱা বুলি ভাবিছে তেতিয়া হ’লে উচ্চ আদালতত আপীল কৰক’’ ৷ ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰা পিচত কংগ্ৰেছ দলে কৰা প্ৰতিবাদক লৈ ৰঙিয়াত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reacts on Rahul Gandhi disqualification issue)।

ইফালে কংগ্ৰেছ দলৰ নেতৃত্বত অসমত 11 টা ৰাজনৈতিক দলে আলোচনাত মিলিত হোৱা প্ৰসংগক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘কংগ্ৰেছ দলে 11 টা বা 21 টা দলক লৈ কৰে তাক লৈ আমাৰ ক’ব লগা একো নাই ৷ অকল তেওঁলোকে ন্যায়ালয়ক সন্মান জনালে হ’ল’’ । লগতে তেওঁ এআইইউডিএফ (AIUDF) দলক লগত নৰখাক লৈ কয়, ‘‘কোনোবা লগত থাকে-নাথাকে আমাৰ ক’ব লগা একো নাই’’ ।

লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

আনহাতে, KLO য়ে নতুনকৈ নামনি অসমৰ কেইবা ঠাইত ধন দাবী কৰা ঘটনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে প্ৰতিক্ৰিয়া । তেওঁ কয়, ‘‘কোনোবাই ধন দাবী কৰিলে দিব নালাগে ৷ মই আছো, আৰক্ষী আছে । যদি কোনোবাই চান্দা বিচাৰে দিব নালাগে ৷ অৱশ্যে কোনোবাই মনৰ পৰা দিব বিচাৰে তেতিয়া ক’ব লগা একো নাই । দিব মন নহ’লে দিব নালাগে অসমত কোনেও এতিয়া দিগদাৰ দিব নোৱাৰে’’ ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰাজ্যৰ লাখ লাখ নিবনুৱাসকলৰ বাবে এক সুখবৰ ৷ শীঘ্ৰে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে লৈ আহিব এক বিশেষ আঁচনি । এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ দুই লাখ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব দুই লাখ টকা । লগতে যুৱক-যুৱতীসকলক আত্ম-সংস্থাপনৰ বাবে তিনিটা কিস্তিত দুই লাখ টকা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে’’ ।

উল্লেখ্য যে, দেওবাৰে ৰঙিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at Rangia) ৷ ৰঙিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে প্ৰায় 545 কোটি টকা প্ৰকল্পৰ আন্তঃগাঁথনি (Assam CM inaugurated and laid foundation for 23 projects worth Rs 545 cr at Rangia) ৷

লগতে পঢ়ক : Congress Sankalp Satyagraha : আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছো: ভূপেন কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.