ETV Bharat / state

Assam CM at Rangia : ৰঙিয়াত 545.19 কোটি টকা প্ৰকল্পৰ আন্তঃগাঁথনি উদ্বোধন

author img

By

Published : Mar 26, 2023, 11:00 PM IST

দেওবাৰে ৰঙিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at Rangia)৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে অৰুণোদয় আঁচনি আৰু নিবনুৱা সমস্যা সমাধান সম্পৰ্কেও কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে (Assam CM inaugurated projects at Rangia) ৷

Assam CM at Rangia
ৰঙিয়াত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰঙিয়া, 26 মাৰ্চ : দেওবাৰে ৰঙিয়াত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at Rangia) । মুখ্যমন্ত্ৰী শৰ্মাই ৰঙিয়াত উদ্বোধন কৰে 545.19 কোটি টকা প্ৰকল্পৰ আন্তঃগাঁথনি (Assam CM inaugurated and laid foundation for 23 projects worth Rs 545 cr at Rangia) । মুখ্যমন্ত্ৰী শৰ্মাৰ দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাবে প্ৰথমে তেওঁক চোচাইটি মুৰাৰাত দলৰ কৰ্মী তথা ৰাইজে আদৰণি জনায় ৷ তাতে তেওঁ এটি পথ উদ্বোধন কৰি ৰঙিয়াৰ হৰদত্ব বীৰদত্ব ভৱনত ৰঙিয়াবাসীৰ সৈতে মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

তেওঁক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, নলবাৰীৰ সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱা, হাজো সমষ্টিৰ বিধায়ীকা সুমন হৰিপ্ৰিয়া ৷ লগতে তেওঁৰ সৈতে উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ভূৱনেশ্বৰ কলিতা প্ৰমুখ্যে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জ্বল্লী আৰু ৰঙিয়া প্ৰশাসনৰ বিষয়ববীয়া তথা ৰঙিয়াৰ বিশিষ্ট ব্যক্তিসকলে ।

দেওবাৰে দিনৰ প্ৰায় 11 টা পৰা আৰম্ভ হোৱা 99 সংখ্যক মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অংগ দান সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে অসমৰ লাচিত বৰফুকনৰ বিষয়েও উল্লেখ কৰে । ইয়াৰ পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ নৱনিৰ্মিত আই চি ইউ ভৱনটো উদ্বোধন কৰে । দিনটোৰ চতুৰ্থটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰীগৰাকী ৰঙিয়া মহাবিদ্যালয়ত উপস্থিত হৈ 10 কোটি টকা ব্যয় সপক্ষে নিৰ্মাণ কৰা ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱনটি উদ্বোধন কৰে (Assam CM inaugurated projects at Rangia)৷

দেওবাৰৰ অন্তিমটো কৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে । এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী কেইবাটাও প্ৰকল্প উদ্বোধন কৰে । লগতে তেওঁ ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয়, ‘‘ভৱেশ কলিতাৰ নেতৃত্বত ৰঙিয়াৰ বিকাশৰ দূৰন্ত গতি আৰম্ভ হৈছে’’ । লগতে তেওঁ বাইহাটা চাৰি আলিৰ পৰা এখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ কথাও ঘোষণা কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত অসমৰ চৌদিশে নতুনকৈ উন্নতিৰ জোৱাৰ উঠিছে বুলি উল্লেখ কৰি নলবাৰী মেডিকেল কলেজ আৰু এইমচ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বুলিও ঘোষণা কৰে । তেওঁ লগতে কয় যে আগন্তুক সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি 27 লাখ কৰাৰ লগতে অনুদানৰ পৰিমাণো মাহিলি 1400 টকালৈ বৃদ্ধি কৰা হ’ব ।

লগতে নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বি কৰাৰ উদ্দেশ্যে তিনিটা কিস্তিত 2 লাখ টকা দিয়া হ’ব । ইয়াৰ উপৰিও কৃষকৰ পৰা পোনপটীয়াকৈ ধানৰ লগতে সৰিয়হো ক্ৰয় কৰা হ’ব বুলি ঘোষণা কৰে । আনহাতে লগতে স্নাতকোত্তৰ মহলৰ ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়ত খৰচ চৰকাৰে বহন কৰি বছৰেকত 10 হেজাৰ টকা দিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চৰকাৰখনৰ সফলতাৰ কথা ব্যাখ্যা কৰি তেওঁ কয় যে এটকাও উৎকোচ নিদিয়াকৈ লগতে এটাও হাইকোৰ্ট কেচ নোহোৱাকৈ 1 লাখ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰখনে । লগতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উপলক্ষে 31 মাৰ্চৰ দিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হ’ব । উক্ত দিনাখন গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হ’ব ৷

লগতে পঢ়ক : Assam Governor visits in Jorhat: তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত গুলাব চান্দ কাটাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.