ছয়গাঁও, 14 আগষ্টঃ আইনগতভাৱে তিনি তালাক নিষিদ্ধ যদিও বৰ্তমানেও মানি লোৱা নাই একাংশ গোড়া ইছলাম ধৰ্মাৱলম্বী লোকে ৷ তিনি তালাকেৰে যুঁজ দি ক্ৰমাৎ ভাগৰি পৰিছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাচনাহাৰা পাৰবিন নামৰ বোৱাৰী গৰাকী ৷
গৰৈমাৰীৰ অন্তৰ্গত বিহাপাৰাৰ এগৰাকী শিক্ষক পিতৃ হাচমত আলীৰ নিৰ্দেশত পত্নীক তিনি তালাক দি ঘৰৰ পৰা উলিয়াই দিয়ে পুত্ৰ জয়নাল আবেদিনে ৷ ফলত তিনি তালাকৰ বিৰোধিতা কৰি গৰৈমাৰী আৰক্ষীৰ কাষ চাপে ভুক্তভোগী বোৱাৰী হাচনাহাৰা পাৰবিন ৷ গৰৈমাৰী আৰক্ষীৰ পৰা কোনো সহায় নাপায় পুনৰ স্বামীৰ গৃহলৈ উভতি যোৱা মহিলা গৰাকীক গৰৈমাৰী আৰক্ষীৰ সহায় লৈ নিশাই ঘৰৰ পৰা উলিয়াই দিয়ে জয়নাল আবেদিনে ৷
প্ৰধানমন্ত্ৰী মোডীৰ বলিষ্ঠ পদক্ষেপত ইছলাম ধৰ্মৰ তিনি তালাক নিষিদ্ধ হোৱাৰ পিছতো মহিলাগৰাকীৰ ওপৰত চলা এই নিৰ্যাতনৰ বিৰুদ্ধে অৱশেষত এইবাৰ ছয়গাঁও আৰক্ষীৰ কাষ চাপিল বোৱাৰীগৰাকী ৷ তিনি তালাকৰ নীতি উলংঘন কৰি গৰৈমাৰি আৰক্ষী আৰু স্বামী পৰিয়ালে লোৱা ভূমিকাৰ বাবে ন্যায় বিচাৰিছে নিৰ্যাতিতা মহিলা গৰাকীয়ে ৷