শুৱালকুছি, 27 জানুৱাৰীঃ অসম সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাথো কেইটামান দিন ৷ সাজু শুৱালকুছিবাসী ! ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰত দিনে নিশাই প্ৰস্তুতি তুংগত ৷ 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে মুখৰিত শুৱালকুছি ৷ প্ৰতিদিনে চলিছে সমবেত সংগীতৰ আখৰা ৷ আজি সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল'লে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে ৷
ইয়াৰোপৰি ইংলেণ্ডৰ প্ৰবাসী অসমীয়া চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাইয়ো বুজ ল'লে প্ৰস্তুতিৰ অগ্ৰগতিৰ ৷ লগতে অসমত হ'বলগীয়া কিছু গঠনমূলক কামৰ বিষয়ে তেওঁ মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক ঃ ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ