ৰঙিয়া, ১২ এপ্ৰিল: কলমেৰে নিজৰ মতামত প্ৰকাশ কৰি ৰঙিয়া তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বিভাস দেৱনাথে । বিভাসৰ চিন্তাধাৰা তথা লিখনশৈলীক স্বীকৃতি প্ৰদান কৰি 'এছিয়া বুক অৱ ৰেকৰ্ডে'ৰ বিভাসলৈ আগবঢ়াইছে কনিষ্ঠতম বহুভাষিক স্তম্ভ লিখকৰ সন্মান ।
বিভাস বৰ্তমান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ । শিক্ষা বিভাগৰ বিষয়া ধীৰাজ কুমাৰ নাথ আৰু ৰঙিয়া মধ্যপাণ্ডৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দীপিকা দাসৰ পুত্ৰ বিভাসে অসমীয়া, হিন্দী আৰু ইংৰাজী এই তিনিটা ভাষাত বিভিন্ন বিষয়ৰ ওপৰত তেওঁ মতামত লিখিছিল ।
অসমৰ লগতে অসমৰ বাহিৰৰ বাতৰি কাকততো ধাৰাবাহিকভাৱে বিভাসৰ লেখা প্ৰকাশ পাইছিল । শেহতীয়াকৈ কনিষ্ঠতম বহুভাষিক স্তম্ভ লিখক হিচাপে ছাত্রগৰাকীয়ে 'এছিয়া বুক অৱ ৰেকৰ্ড'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।
"ৱৰ্ল্ড লিটাৰেৰী ফ'ৰাম ফৰ পিচ এণ্ড হিউমেন ৰাইটচ্" নামৰ সংস্থাটোৰ তৰফৰ পৰা শান্তিৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূত হিচাপেও সন্মান লাভ কৰিছে বিভাসে । উল্লেখ্য যে, ছাত্রজনে বিশেষভাৱে অসমৰ বান সমস্যা সন্দৰ্ভত লিখিছিল । বিভাসৰ সাফল্যই এতিয়া আনন্দিত কৰি তুলিছে পিতৃ-মাতৃ আৰু ৰঙিয়াবাসীক ।
লগতে পঢ়ক:বাঁহৰ গামোচাত কোনে বাচিছে হেঁপাহৰ বুটা ?