ৰঙিয়া, ১৮ নৱেম্বৰ: ৰঙিয়া প্ৰশাসনে নতুনকৈ জাৰি কৰা নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পিছতো একাংশ নিজৰ মতেই ৰাজপথৰ দাতিত ৰাখিছে বাহন। কিছুদিন পূৰ্বে সংবাদমেল সম্বোধন কৰি আৰু বিভিন্ন মাধ্যমযোগে ঠায়ে ঠায়ে ঘোষণা কৰি নতুন নিয়ম সম্পৰ্কে ৰঙিয়াৰ ৰাইজক সজাগ কৰাৰ চেষ্টা চলাইছিল প্ৰশাসনে।
নতুন নিয়মবোৰ ১৬ নৱেম্বৰৰ পৰা ৰঙিয়াত কাৰ্যকৰী কৰা হৈছে। কিন্তু বহু লোকে এই নিয়মসমুহ পালনৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগ নকৰাৰ বাবে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নীতি-নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে ঠায়ে ঠায়ে দণ্ডাধীশৰ উপস্থিতিত যানবাহন আৰক্ষীয়ে জৰিমনা বিহে।
উল্লেখ্য যে,শেহতীয়াকৈ ৰঙিয়াত বৃদ্ধি হোৱা যানবাহন চলাচল আৰু য'তে ত'তে বাহন পাৰ্কিং কৰাৰ বাবে তীব্ৰ যানজটৰ সৃষ্টি হৈছে। ফলত পথেৰে অহা-যোৱা কৰা লোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।